১৯৬৯ ইং চনতে স্থাপিত হোৱা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই প্ৰতিষ্ঠা দিৱসৰ লগতে এইবেলি সোণালী জয়ন্তীৰ আজি দিনযোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হয়। পুৱা ৮ বজাত ন-পুৰণি খেলুৱৈ, কৰ্মকৰ্ত্তা, শুভাকাংক্ষী ৰাইজৰ সমূহীয়া দৌৰ উদ্বোধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাসে।ইয়াৰ পিছতে সোণালী জয়ন্তীৰ পতাকা উত্তোলন আৰু ঊনপঞ্চাখন পতাকা উত্তোলন কৰা হয়। দিনযোৰা কাৰ্যসূচী ৰূপায়ণৰ পিছত আবেলি ৩.৩০ বজাত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ প্ৰাক্তন খেলুৱৈ বনাম দক্ষিণ কামৰূপ মিডিয়া ফুটবল মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। উক্ত খেলখনত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ কেইবাজনো প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অংশ গ্ৰহণ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। উত্তেজনাপূৰ্ণ খেলখনত প্ৰথমাৰ্ধত গ’ল শূণ্যভাৱে সমাপ্ত হোৱাত দ্বিতীয়াৰ্ধত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাই ৩-০ গ’লত মিডিয়া দলক পৰাভূত কৰে। প্ৰাক্তন খেলুৱৈ গোবিন্দ কুমাৰ দাসে উদ্বোধন কৰা খেলখনৰ শেষত দুয়োটা দলৰ খেলুৱৈ সকলক বঁটা প্ৰদান কৰা হয়।
Trending
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন
- অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ
- IDE Bootcamp at ADBU