মাঘ বিহুৰ দিনাই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল ম’হ যুঁজ। ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ।নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজত কেইবাহালো গুনা ম’হে যুঁজ কৰে ।আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম’হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত বহু বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে।ম’হ গোৱাল সকলে প্ৰকাশ কৰা অনুসৰি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হ যুঁজ । আনফালে এই ম’হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰ খনত।ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো গোৱালসকলৰ দাবীত এনেদৰে ম’হ যুঁজত অনুষ্ঠিত কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰে ম’হ যুঁজৰ উদ্যোক্তা সকলে ৷
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন