পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক ওপজা দিনটো শদিয়াৰ পৰা ধুবুৰীলৈ অনুগামী সকলে কালি মাজনিশাৰ পাছৰে পৰা ব্যতিক্ৰমী ধৰণৰে পালন কৰা পৰিলক্ষিত হয়। আনকি মূখ্যমন্ত্ৰীৰ বহু অনুগামীয়ে ৩১ জানুৱাৰীৰ দিনা মাজনিশা বাৰ বজাৰ আগতেই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে দিছপুৰত চৰকাৰী বাসভৱনত ভীৰ কৰা পৰিলক্ষিত হয়। ইফালে জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘজীৱন কামনা কৰি নাম – প্ৰসংগ, বন্তি প্ৰজ্বলন আদি কাৰ্য্যসূচী পালন কৰা হয়। তেনেদৰে ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জালুকবাৰীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আজাৰা ৰাজহ চক্ৰ আৰু জালুকবাৰী মৌজাৰ বিভিন্ন প্ৰান্ততো মুখ্যমন্ত্ৰীৰ অনুগামী সকলৰ উদ্যোগত জন্মদিন পালন কৰা হয়। ইয়াৰ ভিতৰত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি আৰু উদ্যমী কৃষক বলেশ্বৰ ৰংপীয়ে মুখ্যমন্ত্ৰীৰ মঙ্গল আৰু দীৰ্ঘজীৱন কামনা কৰি আজিৰে পৰা দ্বিতীয়বাৰৰ বাবে বৰো ধানৰ খেতি আৰম্ভ কৰিছে।দীপৰ বিলৰ কাষৰীয়া অঞ্চল সমুহ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱাত বিজেপিৰ কাৰ্যকৰ্তা সকলৰ মাজত উৎসাহ – উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল । সেই উৎসাহৰ মাজতেই দেউচতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক – ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা- কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা তেঁওলোকৰ প্ৰায় পাঁচ বিঘা ম্যাদি পট্টাৰ মাটিত দ্বিতীয়বাৰৰ বাবে মূখ্যমন্ত্ৰীৰ দীৰ্ঘজীৱন কামনা কৰি বিগত বৰ্ষৰ দৰে এইবেলিও অলপ আগতীয়াকৈ বৰো ধানৰ খেতি আৰম্ভ কৰা বুলি সদৰি কৰিছে বলেশ্বৰ ৰংপী আৰু তেঁওৰ সহধৰ্মিনী তথা বিজেপি নেত্ৰী, আজাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। ইয়াৰ বাবে আগতেই গুৱাহাটীৰ ভৰলুমুখত থকা অসম চৰকাৰৰ কৃষি বিভাগৰ অনুমোদিত এখন বিপনীৰ পৰা প্ৰায় ২,৪০০ টকাৰে ছয় কেজি উন্নত মানৰ বৰো ধানৰ বীজ আনি শালি ধানৰ খেতিৰ দৰে তাৰো কঠীয়া সিচিছিল । মুখ্যমন্ত্ৰীৰ জন্মদিন লগত সংগতি ৰাখি যাতায়াতৰ স্বাৰ্থত পথত চলাচল কৰা ব্যক্তিগত, বাণিজ্যিক সকলো বাহনৰে নথিপত্ৰসমূহ সঠিক কৰি ৰখাৰ লক্ষ্যৰে পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত গ্ৰহণ কৰা জনসেৱা কাৰ্যসূচীত আজি আৰম্ভণিৰ দিনাই বিভিন্ন ব্যক্তিগত বাহনৰ লগতে মহানগৰীৰ কুৰিৰো অধিক বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হয়গৈ বিভাগৰ বিষয়া কৰ্মীৰ এটা দল। বিষয়া-কৰ্মীৰ দলটোৱে ব্যক্তিগত বাহনৰ গৰাকীৰ বিভিন্ন ওজৰ-আপত্তি তাৎক্ষণিকভাৱে নিষ্পত্তি কৰি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰখাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই৷ইয়াৰ পিছতে মহানগৰ জিলাখনৰ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানসমূহত উপস্থিত হৈ সুৰক্ষিত যাতায়াতৰ বাবে বাহনৰ নথিপত্ৰসমূহ সকলো সময়তে সঠিক কৰি ৰখাৰ গুৰুত্ব সন্দৰ্ভত অৱগত কৰি অনতিপলমে নথিপত্ৰৰ নৱীকৰণ কৰিবলৈ আহ্বান জনায়। নথিপত্ৰ সঠিক কৰিব পৰাকৈ এতিয়াও যিসকলে বাহনৰ কৰ আদায় দিয়া নাই তেওঁলোকক বকেয়াসহ বৰ্তমানৰ যাৱতীয় সকলো কৰ আদায় দিবলৈ আহ্বান জনায় আৰু এইক্ষেত্ৰত সম্ভাৱ্য সকলো সেৱা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱাৰ নিশ্চয়তা দিয়ে ৷ বাহনৰ গৰাকীৰ কাষত উপস্থিত হৈ পৰিবহণৰ বিষয়া-কৰ্মীয়ে এনেদৰে থিতাতে আগবঢ়োৱা সেৱা আৰু ৰাজপথত সুৰক্ষিত যাতায়াত বজাই ৰখাৰ বাবে জনোৱা গুৰুত্বপূৰ্ণ আহ্বানত স্বাভাৱিকতে বাহনৰ গৰাকী আৰু উদ্যোগ-প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷