পৰ্যটন ক্ষেত্ৰত বিশেষ পদক্ষেপ

0 243

WhatsApp Image 2017-10-19 at 4.19.35 PM

পৰ্যটন ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হ’ল পূণ্যধাম যাত্ৰা। ৮২ গৰাকী তীৰ্থযাত্ৰীয়ে ৰাজধানী এক্সপ্ৰেছ যোগে ৰাওনা হয় মথুৰা, বৃন্দাবন, পুৰীলৈ।

দ্বিতীয়তে, পৰ্যটন ক্ষেত্ৰখনত নিয়োগ সৃষ্টি কৰিবৰ বাবে, মাজুলী তথা কামাখ্যা মন্দিৰৰ পৰ্যটন বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে। ইয়াৰ ভিতৰত “আমাৰ আলহী” আঁচনি অন্যতম। পোনপ্ৰথম বাৰৰ পৰ্যটন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা উপযুক্ত উদ্যমীক, মহিলা ষ্টাৰ্ট আপ, সৃষ্টিমূলক পৰ্যটনৰ জৰিত থকাজনক, জনজাতীয় খাদ্যৰ পৰ্যটন ক্ষেত্ৰত সেৱা আগবঢ়াই থকাজনক, স্বচ্ছ ৰাষ্ট্ৰীয় উদ্যানক বঁটা আৰু নিকা ৰাস্তা কাষৰ ধাৱাক, দায়িত্বশীল বনৰক্ষীক, ফটো সাংবাদিকক Tourism day ৰ দিনা বঁটা দিয়া কথা ঘোষণা কৰে।

WhatsApp Image 2017-10-19 at 2.53.16 PM

তৃতীয়তে যদি কোনোবাই হিন্দী চিনেমা, ইংৰাজী বা অন্য বিদেশী ভাষাত অসমৰ পটভূমিত চিনেমা নিৰ্মাণ কৰিব বিচাৰে, সৰ্বমুঠ সেই চিনেমা নিৰ্মাতা গৰাকী ৩৫% শতাংশ চৰকাৰে দিব।

WhatsApp Image 2017-10-19 at 4.20.41 PM

কোটি টকাৰ ওপৰত Tourist Unit নিৰ্মাণ কৰিলে সেই কোম্পানীক ৫০% শতাংশ উভতাই দিয়াৰ কথা জানিবলৈ দিয়ে। ভিতৰুৱা ঠাইত হোটেল নিৰ্মাণ কৰিলে ১০ লাখ টকা পৰ্যন্ত চৰকাৰে বহন কৰিব।

rs-15-crore-allocated-promote-awesome-assam-tourism-brand-680x365
এয়া আছিল পৰ্যটন বিভাগৰ সংবাদ মেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য ৰখা কিছু ঘোষণা। পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি এক সংবাদ মেলৰ যোগে সদৰী কৰে। উল্লেখযোগ্য যে ১ নৱেম্বৰৰ পৰা সমগ্ৰ বিশ্বতেই অসমৰ পৰ্যটন ক্ষেত্ৰৰ বিষয়ে প্ৰচাৰ কাৰ্য্য চলাব। লগতে Awesome Assam ৰ Video Clip মুকলি কৰে।

Leave A Reply

Your email address will not be published.