অহা ১৫ ফেব্ৰুৱাৰীত সৰুসজাঁইত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ এৱাৰ্ড।পোনপ্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগা এই এৱাৰ্ডত অসম পৰ্যটন নিগমে ২৩ কোটি টকা ব্যয় কৰিছে।ইতিমধ্যে বুক মাই শ্ব’ৰ জৰিয়তে ২১৬৫ টা টিকট বিক্রী হৈছে।আজি অসম পৰ্যটন নিগমৰ সভা হলত অনুষ্ঠিত এক সংবাদমেলত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে ১২ মিনিটৰ ভিতৰত অসমীয়া সংস্কৃতি প্ৰতিফলিত হ’ব পৰাকৈ অনুষ্ঠান অনুষ্ঠিত হ’ব।জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি বলিউডত প্ৰতিষ্ঠিত বহু শিল্পীয়ে অংশগ্রহণ কৰিব।যতীন গোস্বামীৰ তত্বাৱধানত সত্ৰীয়া,ৰঞ্জিত গগৈৰ নেতৃত্বত বিহু নৃত্য আৰু ৩০ টা জনগোষ্ঠীয় নৃত্যৰ ফিউজনৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব।ইতিমধ্যে কাজিৰঙা,মানস,পবিতৰা,শিৱসাগৰলৈ আহি বৰুণ ধাৱান,আয়ুস্মান খুৰানা,ভূমি পেডনেকাৰ,কৰিশ্মা তান্না,এলি আব্ৰাম আহি অসম পৰ্যটনৰ লগতে ফিল্মফেয়াৰৰ প্ৰমো’ত অংশ লৈছে।অৱছম আচামৰ ৱেবচাইটৰ জৰিয়তে ৮ ফেব্ৰুৱাৰীত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব।উল্লেখযোগ্য যে টিকটৰ মূল্য ১০০০ টকাৰ পৰা ৩ লাখ টকা পৰ্যন্ত আছে ।স্মৰ্তব্য যে ৩৫ শতাংশ টিকট অসম পৰ্যটন নিগমে বিক্রী কৰিব।প্ৰায় ২৩ গৰাকী বলিউডৰ নামী দামী তাৰকা ফিল্মফেয়াৰ অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিত কৰিছে।
Trending
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন