সফলতাৰে সম্পন্ন হ’ল ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান।ফিল্ম অনুষ্ঠানৰ পৰা অসমৰ কি লাভালাভ হ’ল এই সম্পৰ্কে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদ মেলত কয় যে ফিল্ম ফেয়াৰৰ যোগেদি অসমে প্ৰায় ২৩ কোটি উপাৰ্জন কৰিলে।অসমৰ কলা সংস্কৃতি ঐতিহ্যৰ লগতে বহু খিনি দিশে প্ৰচাৰ প্ৰসাৰ লাভ কৰিলে।এই সম্পৰ্কত দৃষ্টান্ত দি বৰুৱাই কয় যে অনুষ্ঠানৰ ষ্টেজৰ বৰ্হি ভাগত অসমৰ মুখা আৰু জাপি ব্যৱহাৰ কৰা হৈছে।ইয়াৰ উপৰিও ব্লেক লেডী কঢ়িয়াই অনা আইকনটো অসমীয়া পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি উপস্থাপন হয়।ইয়াৰ সমান্তৰালভাৱে চলচিত্ৰ পৰ্যটনেও প্ৰসাৰ লাভ কৰে।উল্লেখযোগ্য যে টাইম অৱ ইণ্ডিয়া গ্ৰুপে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১কোটি ৬০ লাখ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।স্মৰ্তব্য যে অসমৰ প্ৰায় ১৬০ গৰাকী শিল্পীয়ে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰে।কাঁ বিৰোধী আন্দোলনে অসম পৰ্যটনক নেতিবাচক প্ৰভাৱ পেলাইছিল যদিও ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানে ইতিবাচক দিশৰ সূচনা কৰিল বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে ।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers