কামৰূপ জিলাৰ বকোত বিগত তিনিদিন ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান, চক্ৰ বিষয়াৰ কাৰ্যালয়, বকো আৰক্ষী থানা আদিকে ধৰি স্থানীয় যুৱক সকলৰ উদ্যোগত বিভিন্ন ধৰণে উদযাপন কৰা হৈছে অসম তথা অসমীয়া জাতিৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী।বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকী আৰু স্থানীয় যুৱকৰ উদ্যোগত ২৩ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা। এই দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাখনি ২৩ নৱেম্বৰৰ দিনাৰ প্ৰথম খেল উদ্বোধন কৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাওখ্ৰন গাঁৱৰ জেষ্ঠ নাগৰিক উইলিয়াৰ্ড আৰ মাৰাকে।উদ্বোধনী খেলখনৰ প্ৰথমখন খেল অনুষ্ঠিত হয় অসম মেঘালয় দুই ৰাজ্যৰ আৰক্ষী উপ-পৰিদৰ্শকৰ দলৰ মাজত। খেলত অংশগ্ৰহণ কৰে বকো হাহিম আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বিক্ৰম বসুমতাৰী আৰু মেঘালয়ৰ আঠিয়াবাৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চেমুৱেল ডি চাংমাই। এই খেলখনত মুঠ ৩৭ টি দলে অংশগ্ৰহণ কৰে। ২৪ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে নিশা দিবা নৈশ দৈত বেডমিণ্টন প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়।এই চূড়ান্ত খেলখনত হাহিম আৰক্ষী চকীৰ হৈ অলকেশ কলিতাৰ দলে প্ৰথম পুৰস্কাৰ আৰু বকো আৰক্ষী থানাৰ হৈ ধীৰাজ কলিতাৰ দলে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্যেখ্য যে এই খেলখনৰ প্ৰথম পুৰস্কাৰত আছে নগদ ধন ১০ হাজাৰ টকাৰ লগতে ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰত আছে নগদ ধন ৫ হাজাৰ টকাৰ লগতে ট্ৰফী এটা। ইয়াৰ পিছতে পুৰস্কাৰ লাভ কৰা দুয়োটি দলকে হাহিম আৰক্ষী চকীৰ ফালৰ পৰা নগদ ধন, ট্ৰফী, মেডেল ও এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan