পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,জনস্বাস্থ্য কাৰিকৰী,খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাঁওত উপস্থিত হৈ জিলা খনৰ ক’ভিড ভেকচিন প্ৰধান অভিযান পৰ্যবেক্ষণ কৰে।মন্ত্ৰী গৰাকীয়ে আজি বঙাইগাঁৱৰ একবাৰ্ট স্কুলত জিলা প্ৰশাসনে স্থাপন কৰা মডেল ক’ভিড চেণ্টাৰটো পৰিদৰ্শন কৰি তাত চলি থকা ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থাৱলীৰ বুজ লয়।ভেকচিন প্ৰদান কেন্দ্ৰটোত মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতেও ক’ভিড ভেকচিন অভিযানৰ বিষয়ে আলোচনা কৰে।মন্ত্ৰী দাসে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে কেন্দ্ৰটোত ডিজিটেল নিয়মৰ আধাৰত ভেকচিন প্ৰদানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে।ক’ভিড ভেকচিন অভিযান সফল কৰি তুলিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী ,সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক সকল,আশা কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজে আগবঢ়োৱা সহায় সহযোগিতাৰো মন্ত্ৰী দাসে শলাগ হয়।মন্ত্ৰী গৰাকীয়ে জিলা খনত যাতে ক’ভিড ভেকচিন প্ৰদান অভিযান অতি সুচাৰুৰূপে সমাপন হয় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান