পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,জনস্বাস্থ্য কাৰিকৰী,খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাঁওত উপস্থিত হৈ জিলা খনৰ ক’ভিড ভেকচিন প্ৰধান অভিযান পৰ্যবেক্ষণ কৰে।মন্ত্ৰী গৰাকীয়ে আজি বঙাইগাঁৱৰ একবাৰ্ট স্কুলত জিলা প্ৰশাসনে স্থাপন কৰা মডেল ক’ভিড চেণ্টাৰটো পৰিদৰ্শন কৰি তাত চলি থকা ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থাৱলীৰ বুজ লয়।ভেকচিন প্ৰদান কেন্দ্ৰটোত মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতেও ক’ভিড ভেকচিন অভিযানৰ বিষয়ে আলোচনা কৰে।মন্ত্ৰী দাসে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে কেন্দ্ৰটোত ডিজিটেল নিয়মৰ আধাৰত ভেকচিন প্ৰদানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে।ক’ভিড ভেকচিন অভিযান সফল কৰি তুলিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী ,সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিক সকল,আশা কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজে আগবঢ়োৱা সহায় সহযোগিতাৰো মন্ত্ৰী দাসে শলাগ হয়।মন্ত্ৰী গৰাকীয়ে জিলা খনত যাতে ক’ভিড ভেকচিন প্ৰদান অভিযান অতি সুচাৰুৰূপে সমাপন হয় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram