শিৱসাগৰত শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

0 253

অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে।
শিৱসাগৰ জিলা ভ্ৰমণ কালত শিক্ষামন্ত্ৰী গৰাকীয়ে আমগুৰিৰ আউনিআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবাম চাহ বাগিচা, আমগুৰি চাহ বাগিচা, নাজিৰাৰ অধীনস্থ বৰছিলা চাহ বাগিচা, মেকীপুৰ চাহ বাগিচা, নাজিৰা নাট্য মন্দিৰ, শিমলুগুৰি নাট্য মন্দিৰ আৰু শিৱসাগৰ নগৰৰ মিলন মন্দিৰত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি এইসমূহত চলি থকা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে প্ৰতিষেধক প্ৰদান কাৰ্যৰ লগত জড়িত স্বাস্থ্য কৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত- বিনিময় কৰাৰ লগতে কেন্দ্ৰ সমূহৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধা সমূহৰ বিষয়ে বিশদভাৱে বুজ লয়। কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কালিৰে পৰা আৰম্ভ হোৱা মেগা প্ৰতিষেধক প্ৰদান অভিযান সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ ক’ভিড প্ৰতিষেধকৰ শূণ্য অপচয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱা বিষয়টো নিশ্চিত ভাৱে প্ৰশংসনীয়। তেওঁ মেগা প্ৰতিষেধক প্ৰদান অভিযানৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা ইতিবাচক সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে, জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হ’ব।
মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী আৰু ময়ূৰ বৰগোঁহাই উপস্থিত থাকে।
ইয়াৰ পিছত শিক্ষামন্ত্ৰী গৰাকীয়ে দিচাংমুখত উপস্থিত হৈ অফলাত চলি থকা গৰাখহনীয়া প্ৰতিৰোধী কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ এই সন্দৰ্ভত জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰবীণ ভূঞা আৰু কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰৰ লগত বিস্তৃতভাৱে আলোচনা কৰে। গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে চৰকৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ স্থানীয় ৰাইজক অৱগত কৰে।
মন্ত্ৰী গৰাকীৰ অফলা অঞ্চল পৰিদৰ্শন কালত উপায়ুক্ত বিষ্ণু কমল বৰা, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত আৰু সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.