কামৰূপ জিলাৰ বঙৰাৰ কৈটাসিদ্ধিত বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ, প্ৰবন্ধকাৰ, শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৌৰীকান্ত নাথৰ দ্বাৰা ৰচিত তথা “পৰাগজ্যোতি প্ৰকাশন”ৰ দ্বাৰা প্ৰকাশিত আজি “বৰঝাৰ বিমান বন্দৰৰ আদি আৰু আজি” শুভ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি অসম লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তথা বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সম্পাদক ধৰণীধৰ নাথে কয় – বৰঝাৰ বিমান বন্দৰ বিষয়ক গ্ৰন্থখনি এক মাইলৰ খুটি হিচাপে বিবেচিত হ’ব। গ্ৰন্থখনিয়ে নতুন প্রজন্মক চকু মেল খুৱাব। অতিথি পৌৰ নিগমৰ অৱসৰপ্ৰাপ্ত উপ অনুজ্ঞাপন বিষয়া গজেন চন্দ্র দাসে কয়-বৰঝাৰ বিষয়ক ইতিহাস সম্পর্কীয় গ্ৰন্থখনিয়ে ছাত্র-ছাত্ৰী, সমাজৰ সকলো স্তৰৰ লোকৰ বাবে এক আপুৰুগীয়া দলিল হ’ব। বহুভাষিক সাহিত্য মঞ্চ, অসমৰ চমুকৈ প্ৰধান সম্পাদক তথা সাংবাদিক, লেখক দীপক শৰ্মাই কয়- এখন গ্ৰন্থই এটি সভ্যতা ধৰি ৰাখিব পাৰে। গ্ৰন্থ এখনৰ জন্ম বেদনা আৰু এটি সন্তানৰ জন্ম বেদনা একে। এগৰাকী মাতৃয়েহে বুজে সন্তানৰ জন্মৰ আনন্দ। লেখক- লেখিকাই বুজে গ্ৰন্থৰ জন্মৰ আনন্দ। গৌৰীকান্ত নাথৰ গ্ৰন্থখনিয়ে এখন বহল ইতিহাস। এই গ্ৰন্থখনিয়ে অসম, ভাৰত, বিশ্বৰ বাবে আপুৰুগীয়া গ্ৰন্থ। উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰ বিমান বন্দৰৰ ইতিহাস এই গ্ৰন্থখনিয়ে দাঙি ধৰিছে। সকলো ধৰণৰ ইতিহাস সম্পর্কীয় ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক, সাহিত্যিক, সাংবাদিক সকলৰ বাবে এখনি সংৰক্ষণ কৰিবলগীয়া গ্রন্থ। সভাত কৈটাসিদ্ধি ৰাইজ গয়ৰহৰ সভাপতি প্ৰদীপ নাথ, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, ৰাষ্ট্ৰীয় স্বয়ং স্বেৱক সংঘৰ গুৱাহাটী মহানগৰৰ সহ: গ্ৰাম বিকাশ প্ৰমুখ সীমান্ত দাস, শ্ৰমিক সেনাৰ সভাপতি তথা কবি শিৰষ দাস, কৈটাসিদ্ধি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিমলা দেৱী নাথ প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰি গ্ৰন্থ অধ্যয়ন লগতে গ্ৰন্থৰে জনপ্রিয় হোৱাৰ গুণ আদিৰ ওপৰত গভীৰ ভাৱে আলোচনা কৰে। সভাত লেখক গৌৰীকান্ত নাথেও বক্তব্য দাঙি ধৰে।
Trending
- নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা
- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা – আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান
- উদ্যান শস্য গৱেষণা কেন্দ্ৰত শুকান ভূমিত কৃষি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা