কামৰূপ জিলাৰ বঙৰাৰ সমীপৰ ডাঙৰ কৈটাসিদ্ধি ৰাইজ গয়ৰহে পৰম্পৰাগত উদযাপন কৰি অহা তথা এইবেলি ৭৩ তম্ বৰ্ষত পদাৰ্পণ কৰা সুঁৱৰি উৎসৱটি আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰ” প্ৰাঙ্গণত অনুষ্ঠিত হয়। আজি পুৱা ৫ বজাত ঊষা কীৰ্তন পৰিচালনা কৰে সত্ৰাধিকাৰ ৰজনীকান্ত নাথে। ৮ বজাত গোসাঁই স্থাপন, দিনৰ ১১ বজাত ধৰ্মধ্বজা উত্তোলন কৰে প্ৰবীণ নাথ শাস্ত্ৰীয়ে। ১২ বজাত সুঁৱৰি উৎসৱৰ মঞ্চ মুকলি কৰে অসম সত্ৰ মহাসভাৰ উপ- সভাপতি অখিল মহন্তই। ১২:৩০ বজাত বন্তি প্ৰজ্বলন কৰে নবীন নাথে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মা, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক গৌৰীকান্ত নাথ, বঙৰা শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় প্ৰদীপ তালুকদাৰ আৰু গজেন বড়ো, বংশীধৰ নাথ, প্ৰবীণ নাথ, সুৰেণ চন্দ্র নাথ, ৰাজেন দাসে অংশ লয় । গয়ৰহৰ সভাপতি প্ৰদীপ চন্দ্র নাথ, সম্পাদক ৰত্নেশ্বৰ নাথে নিয়াৰিকৈ সভাৰ আঁত ধৰে। ইয়াৰ পিচতে সুঁৱৰি উৎসৱ আৰম্ভ হয়। “শ্যামন্তক হৰণ” নাটকৰ মাজেদি কৃষ্ণ-বলোৰাম, বাৰগোপাল, নন্দ-যশোদা, নাৰদ, গোপিনী, জয়-বিজয় আদি চৰিত্ৰত বৰ সাবলীল উপস্থাপনেৰে ডাঙৰ কৈটাসিদ্ধিৰ আকাশ -বতাহ দ্বিতীয় বৃন্দাবনলৈ পৰ্যবেশিত হৈ পৰে। অতি নিপুণ ধৰণেৰে নাট পৰিচালনা কৰে প্ৰাণেশ্বৰ নাথে, দল পৰিচালনা ললিত নাথৰ। নিশা ১০ বজাত “যুগান্তৰ নাট্য দল” ৰ দ্বাৰা যাত্রাভিনয় প্ৰদৰ্শন কৰা হয়। কাইলৈ ২০ এপ্রিলৰ পুৱা ৮বজাত প্ৰসাদ বিতৰণ, আবেলি ২বজাত শ্রীশ্রী চতুর্ভুজ গোসাঁই লৈ শোভাযাত্রা, নিশা ৯ বজাত প্ৰসাদ বিতৰণ কৰা হ’ব।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা