দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ বৰিহাটস্থিত বেলিকিডছ এডুকেয়াৰ নামৰ প্ৰাক প্ৰাথমিক শৈক্ষিক প্ৰতিষ্ঠানটোৱে ১২ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ বাৰ্ষিক বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰাৰ লগতে কণ কণ মইনা,শিক্ষক অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগিতাত বিদ্যালয় সপ্তাহৰ সামৰণিৰ লগতে উদযাপন কৰে বেলি বসন্ত উৎসৱ । বিদ্যালয় সপ্তাহ উপলক্ষে আয়োজিত বেলি বিকাশ সপ্তাহ শীৰ্ষক এলানি অনুষ্ঠানৰ অধীনত খেল-ধেমালি,বৌদ্ধিক , সাহিত্যিক আৰু ভাষাগত বিকাশৰ বাবে আকস্মিক বক্তৃতা,দলীয় কুইজ,আবৃত্তি প্ৰতিযোগিতা, সাংস্কৃতিক আৰু সামাজিক বিকাশৰ বাবে গান,অভিনয়,বিহুনাচ, বিহুগীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ।বিভিন্ন শিতানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মুঠ ৪৭ গৰাকী মইনাক ১৯ এপ্ৰিলত বঁটা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী মইনাকেই পুৰস্কৃত কৰা হয় ।এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা নৱাৰুণ সাহিত্য সভা,আমৰাঙা বৰিহাটৰ প্ৰাক্তন উপ সভাপতি কৰুণা কান্ত মহন্তৰ লগতে আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নাৰায়ণ চন্দ্ৰ দাস ।অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰতিষ্ঠানখনৰ সকলো মইনাৰ লগতে শিক্ষক-অভিভাৱক সমাজে উক্ত বিশিষ্ট ব্যক্তি দুগৰাকীৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰে ।আজিৰ অনুষ্ঠানটি বেলিকিডছ এডুকেয়াৰৰ কণ-কণ মইনাসকলৰ বিহুগীত আৰু বিহুনাচেৰে মুখৰিত হৈ পৰে ।অনুষ্ঠানটিত বেলিকিডছৰ সঞ্চালক ৰত্ন দাসৰ লগতে পৰিচালন সঞ্চালক মীনাক্ষী চৌধুৰী উপস্থিত থাকি উপস্থিত ৰাইজ তথা অভিভাৱকৰ সহযোগিতাৰ বাবে সদৌটিকে ধন্যবাদ জ্ঞাপন কৰে ।অনুষ্ঠানটি পৰিচালনা কৰে বেলিকিডছৰ অংশকালীন শিক্ষয়িত্ৰী তথা ঘোষিকা শিখাৰাণী ঠাকুৰীয়াই ।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ