বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান

0 283

বন্যপ্ৰাণীৰ বাবে অসম বিখ্যাত আৰু এই বন্যপ্ৰাণীসমূহকলৈ আমি গৌৰৱবোধ কৰো।চোৰাংচিকাৰীকে ধৰি এচাম অসাধু লোকে বন্যপ্ৰাণীৰ সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণী বিৰোধী কাৰ্য্যকলাপ অব্যাহত ৰখাৰ বাবে বন্যপ্ৰাণী সমূহলৈ বিপদ নামি আহিছে।সেইবাবে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ছাত্ৰ ছাত্ৰী,জনসাধাৰণ আৰু চৰকাৰে যৌথভাৱে কাম কৰিব লাগিব।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি শ্ৰীমন্ত শংকৰদেৱ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বন বিভাগৰ দ্বাৰা ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে কয়।এনেধৰণৰ কাৰ্য্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগিব।বন্যপ্ৰাণীৰ সংৰক্ষণত দেখুওৱা অনবদ্য বৰঙণিৰ বাবে যাদৱ পায়েং,চন্দ্ৰকান্ত বসুমতাৰী আৰু আনন্দ খাটনিয়াৰক বন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে।এই অনুষ্ঠানত বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.