গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ কিছু নিলগত থকা কুলসী হাইস্কুলত বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ উদ্যোগত আৰু চি আই এছ এফৰ আই অ চি ইউনিটৰ। সহযোগত ৪ মে’ত কেৰিয়াৰ বিষয়ক এক সজাগতা মূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীত বিদ্যালয়খনৰ অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰী সকলে ভাগ লয় । আনহাতে কুলসীৰ আঞ্চলিক বন বিষয়া দ্বীপন ডেকাৰ তত্বাৱধানত অনুষ্ঠিত কাৰ্যসূচীত বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ডিম্পী বৰাই উপস্থিত ছাত্ৰ ছাত্ৰী সকলক এ পি এছ চি পৰীক্ষাকে ধৰি বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ হলে কেনেদৰে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰিব লাগে সেই বিষয়ে সুন্দৰকৈ বাখ্যা দাঙি ধৰে । তেনেদৰে চি আই এছ এফৰ পৰিদৰ্শক জাভেদ খানে সামৰিক আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়া আদিৰ ওপৰত বাখ্যা আগবঢ়ায় ।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai