বাঁহৰ চাৰিচকীয়া বাহন আৰু পথ সুৰক্ষা সপ্তাহ

0 311

WhatsApp Image 2018-02-06 at 6.47.25 PM

ভাস্কৰ্য্য বিদ্যা, ফাইন আৰ্টত চখ থকা এজন ব্যক্তি। তেখেতে সাজি উলিয়াইছে বাঁহৰ চাৰিচকীয়া এখন গাড়ী। ডিব্ৰুগড় খোৱাংৰ ববি মাউত নামৰ এজন ব্যক্তিয়ে সাজি উলিওৱা এখন চাৰিচকীয়া গাড়ীয়ে বাবে বিশেষ চৰ্চা লাভ কৰিছে। Guinness Book নাম লিপিবদ্ধ কৰাৰ উদ্দেশ্যৰে ববি মাউতে এই বিশেষ গাড়ীখন সাজি উলিয়াই।

WhatsApp Image 2018-02-06 at 6.47.27 PM

জানিবপৰামতে ইতিমধ্যে গাড়ীখনে পৰীক্ষণমূলক ভাৱে ২০ কি:মিটাৰ অতিক্ৰম কৰিছে। ৮ লিটাৰ পেট্ৰ’লেৰে প্ৰায় ৭ জন লোকক কঢ়িওৱাব পৰা গাড়ীখন ইঞ্জিনটোৰ বাহিৰে সকলো খিনি বাঁহৰ। ববি মাউতে বাঁহক প্ৰাধান্য দি অৰ্থাৎ বাঁহেৰে কিয় গাড়ী নিৰ্মাণৰ প্ৰসংগ মনলৈ আহিল জানিব বিচৰাত এইদৰে কয়… বাঁহ থলুৱাভাবে উপলব্ধ।

WhatsApp Image 2018-02-06 at 6.47.26 PM

সেয়েহে বাঁহক প্ৰাধান্য দি গাড়ীখন নিৰ্মাণ কৰিলো। পৰবৰ্তী সময়ত ৰাইজৰ মাজলৈ নিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম। জানিবপৰামতে কোনোৱে যদি গাড়ীখন ক্ৰয় কৰিব বিচাৰে, মূল্য প্ৰায় ৬০,০০০ টকা ধাৰ্য্য কৰিছে। ববি মাউতৰ এনে প্ৰচেষ্টাৰ বাবে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।

WhatsApp Image 2018-02-06 at 6.47.51 PM

পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি কনজুমাৰ লিগেল প্ৰটাকচন ফ’ৰামে সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰে। তাৰেই অংশ স্বৰূপে প্ৰেছ ক্লাৱত সাংবাদিকৰ সৈতে একমত বিনিময় অনুষ্ঠান হয়। চিটবেল্টৰ প্ৰয়োজনীয়তা, হেলমেটৰ প্ৰয়োজনীয়তা আৰু দুৰ্ঘটনা কিদৰে ৰোধ কৰিব পাৰি তাৰ সম্পৰ্কে ভি.ডি.অ’ ক্লীপ প্ৰদৰ্শন কৰে। মত বিনিময় অনুষ্ঠানটোত ড০ যোগেন্দ্ৰ ৰায়, অজয় হাজৰিকা, ৰনেন গোস্বামী, নৱ ঠাকুৰীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.