দেখাত সৰু সৰু লগা কামবোৰে সময়ত সমাজত প্ৰভাৱ পেলায় ।আপ্ত বাক্যশাৰীকে সৰোগত কৰি আগবাঢ়িছে এজন প্ৰকৃতি প্ৰেমীয়ে।নগাঁও জিলাৰ চেপানলাৰ দুলু বৰা নামৰ প্ৰকৃতি প্ৰেমী যুৱকজনে পৰিবেশ সম্পৰ্কীয় কোনেও নভবা কোনেও নকৰা এটা কাম কৰি বিশেষ চৰ্চা লাভ কৰিছে ।গান্ধীজীৰ স্বচ্ছতাৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰি দুলু বৰাই টেম্পোত একোটাকৈ ডাষ্টবিন আঁৰি দিছে।এই সম্পৰ্কে দুলু বৰাই এন ই ফ’কাচ ডট কমৰ আগত এনেদৰে কয়-এবাৰ মই টেম্পোত যাত্ৰা কৰোতে ফুটবল খেলি অহা এচাম যুৱকক প্ৰত্যক্ষ কৰিছিলো।যুৱক কেইজনে চিখৰ, গুটখা, পানী খাই য’তে ত’তে পেকেট, পানীৰ বটল পেলাই দিয়া দেখিছিলো।আৰু সেই একে সময়তে বাগানৰ পৰা চাহপাত তুলি নিয়া কেইগৰাকীমান মানুহৰ টুকুৰীক প্ৰত্যক্ষ কৰিছিলো আৰু তেতিয়াই বাঁহৰ টুকুৰী টেম্পোত সংলগ্ন কৰাৰ চিন্তা কৰিছিলো ।সেইমতে আজিৰ পৰা প্ৰায় এমাহ মানৰ আগতে ৫০টা মান বাঁহৰ টুকুৰী বনাই টেম্পোত চালক সকলৰ সহযোগত টেম্পোত লগাই দিও।প্ৰথম অৱস্থাত টেম্পোত চালক সকলৰ দুই একে সহজে মানি লোৱা নাছিল যদিও এতিয়া পূৰ্ণ সহযোগ আছে।এই কামটো দিনে দিনে ওচৰৰ অঞ্চল বিলাকত প্ৰসাৰৰ ব্যৱস্থা কৰিছো।উল্লেখযোগ্য যে দুলু বৰাই সম্পূৰ্ণ নিজা খৰছত এনে পদক্ষেপ গ্ৰহণ কৰিছে ।সমাজত প্ৰকৃতিপ্ৰেমী হিচাপে খ্যাত দুলু বৰাই বন্যহস্তীৰ বাবে বৰ্তমানে কলগছ ৰোপন কৰি আছে।এনেধৰণৰ কামে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।সমাজত সৎ কামেৰে সেৱা আগবঢ়োৱা দুলু বৰা হাজাৰ জনৰ আদৰ্শ হৈ ৰওক।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান