যোৱা ২৬ এপ্ৰিল আৰু ৭ মে’ত ক্ৰমে ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টি আৰু এক নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ (জনজাতি), ৪৪ নং গোৰেশ্বৰ, ৪১ নং মানস আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত অহা ৪ জুন, ২০২৪ত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ’ব। উক্ত দিনাখন ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বাক্সা নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা দণ্ডাধীশ কৃষ্ণা বৰুৱাই সমগ্র বাক্সা নিৰ্বাচনী জিলাখনত “সুৰা নিষিদ্ধ দিন” (ড্ৰাই ডে’) ঘোষণা কৰিছে। উক্ত সময়ছোৱাত সকলোধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ আদিৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এইক্ষেত্ৰত জিলা দণ্ডাধীশগৰাকীয়ে বাক্সা আৰু তামুলপুৰৰ আৰক্ষী অধীক্ষকলৈও এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ