বিত্তমন্ত্রী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘এৰিডা’ৰ সভাপতি পি কে শৰ্মাই কয় যে বাজেটত নতুন পথ, দলং আৰু বিমান সংযোগৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ ফলত ৰিয়েল ইষ্টেট খণ্ডৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব। আনহাতে চৰকাৰে যথেষ্ট পুঁজি আৱণ্টন দি এই দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তিনি হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ পদক্ষেপ আন এক উল্লেখযোগ্য দিশ। শৰ্মাই লগতে কয় যে গোপীনাথ বৰদলৈ পথত ওপৰত চাৰি লেনৰ পথ, চাইকেল ফেক্টৰীত ফ্লাইঅভাৰ,ফটাশিল চাৰিআলি আৰু ডাউনটাউন হস্পিটেলৰ ওচৰত ফ্লাইঅভাৰ,জি এছ ৰোডৰ ৰাজীৱ ভৱনৰ ওচৰত ফ্লাইঅভাৰ, কামাখ্যা মন্দিৰলৈ বিকল্প উন্নত পথ,দীপৰ বিলৰ ওচৰত হাতীৰ আণ্ডাৰপাছ আদি বহু কেইটা আদৰণীয় পদক্ষেপ বাজেটত উল্লেখ কৰা হৈছে। সেইদৰে ডিফু ষ্টেডিয়ামৰ পৰা ডিফুৰ মুখ্য ডাকঘৰলৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পক স্বাগতম জনাই শৰ্মাই কয় যে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্রত বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেইদৰে পলাশবাৰীক শুৱালকুছিৰে সংযোগ কৰাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে ৩১৯৭.২০ কোটি টকাৰ বাবে অনুমোদন জনোৱা হৈছে আৰু অতি সোনকালেই কাম আৰম্ভ হ’ব। শৰ্মাই লগতে কয় যে অসম চৰকাৰে স্বনিয়োজন আৰু উদ্যোগক বিশেষভাৱে সমৰ্থন কৰিছে। অষ্টাদশ মুকুতাৰ উন্নয়ন মালাৰ জৰিয়তে এম এছ এম ই খণ্ডক উদগনি যোগোৱা হৈছে আৰু যাৰ উদ্দেশ্য হৈছে বি পি এল পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটোৱা। বাজেটত ব্যক্তিগত খণ্ডত স্ব-নিয়োজনত গুৰুত্ব দিছে। এই আঁচনিৰ অধীনত ব্যৱসায়, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, হস্তশিল্প, কৃষি আৰু সহযোগী, পশুপালন, মীন পালন আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যক সমৰ্থন কৰা হ’ব।আনহাতে চৰকাৰে এক লাখ যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। যিসকলক অহা তিনি বছৰত মাইক্ৰ’এণ্টাৰপ্ৰাইজ ইউনিট আৰম্ভ কৰাৰ বাবে এককালীন সাহাৰ্য হিচাপে ২ লাখ টকা প্ৰদান কৰিব। ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা আন্তঃগাঁথনিয়ে ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব বুলি শৰ্মাই সদৰি কৰে। বাজেটত সৌৰ শক্তিক উৎসাহিত কৰা হৈছে। আনহাতে গৃহ নিৰ্মাণৰ অনুমতিৰ ক্ষেত্রত বাজেটত অনলাইন ব্যৱস্থাৰ কথা কোৱা হৈছে। ইয়াক বিশেষভাৱে আদৰণি জনাই শৰ্মাই কয় যে অনলাইন বিল্ডিং অনুমতি ব্যৱস্থাটো সময়ৰ অতি প্ৰয়োজনীয়তা।ইমান বছৰ কাগজত থকাৰ পিছত চৰকাৰে অৱশেষত ইয়াৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। যাৰ বাবে চৰকাৰক অভিনন্দন জনাই শৰ্মাই কয় যে ইয়াৰ দ্বাৰা দুৰ্নীতি-অনিয়ম নোহোৱা হ’ব। বাজেটত পৰ্যটন খণ্ডৰ ওপৰত দিয়া গুৰুত্বক আদৰণি জনাই শৰ্মাই কয় যে ৰিয়েল ইষ্টেট বিকাশকাৰী হিচাপে আমি পৰ্যটনৰ বাবে মূল আন্তঃগাঁথনিৰ বিকাশত নিজৰ বাবে বিশাল সম্ভাৱনা দেখিছোঁ। মুখমন্ত্ৰী আৱাস যোজনাৰ বাবে এক লাখ হিতাধিকাৰী সামৰি ল’বলৈ বাজেটত ৮০০ কোটি টকা আৱণ্টন দিয়া হৈছে। শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত প্ৰাপ্ত সকলো আৱেদনৰ নিষ্পত্তিৰ ওপৰত গুৰুত্ব দিয়া, এন চি গাওঁসমূহৰ জৰীপ আৰু নিষ্পত্তি সম্পূৰ্ণ কৰা, ৰাজ্যজুৰি গাওঁ আৰু চৰকাৰী ভূমিৰ পুনৰ জৰীপ সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি,ভূমি ধাৰকসকলক তেওঁলোকৰ কাৰ্যালয় আৰু ঘৰৰ আৰামৰ পৰা ভূমি ৰাজহ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং সম্পূৰ্ণৰূপে আৰম্ভ কৰাটো প্ৰথম বাৰৰ বাবে দেখা গৈছে। এনেবোৰ পদক্ষেপৰ বাবে অসম চৰকাৰ ধন্যবাদৰ পাত্র বুলি শৰ্মাই কয়।
Trending
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth
- মহানগৰীৰ গড়চুকত বিশ্ব বৰেণ্য শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান