মাজুলীৰ লাচন বালিগাঁৱত ৫১সংখ্যক TMPKৰ প্ৰতিষ্ঠা দিৱস পালন

0 176

অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিচিং জাতীয় সংগঠনৰ আজি ওপজা দিন৷ সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত উলহ মালহেৰে ১৬ অক্টোবৰত TMPKৰ প্ৰতিষ্ঠা দিৱস পালন কৰিছে৷ সমান্তৰালভাৱে মাজুলীৰ লুইতপৰীয়া আঞ্চলিক TMPK, MMKআৰু TMMKৰ যৌথ উদ্যোগত উজনি মাজুলীৰ লুইতপৰীয়া গাঁওপঞ্চায়তৰ অন্তৰ্গত লাচন বালিগাঁওস্থিত ISAIAH ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত ১৫ আৰু ১৬ অক্টোবৰত লুইতপৰীয়া আঞ্চলিক টিএমপিকেৰ প্ৰতিনিধিমূলক সভাৰ লগত সংগতি ৰাখি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫১সংখ্যক TMPKৰ প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়৷ ১৫ অক্টোবৰ শনিবাৰে সভাৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সামুহিক চাফাই, ৮ বজাত টিএমপিকে, এমএমকে আৰু টিএমএমকেৰ ত্ৰিপাক্ষিক সংগঠনৰ পতাকা উত্তোলন কৰা হয়৷ উত্তোলন কৰে টিএমপিকে লুইতপৰীয়া আঞ্চলিকৰ সমিতিৰ সভাপতি গোলাপ টায়ে আৰু মহেন্দ্ৰ পায়েং ডাঙৰীয়াই৷ উক্ত পতাকা উত্তোলন কাৰ্যসূচীত সহযোগ কৰে এমএমকেৰ লুইতপৰীয়া আঞ্চলিক সমিতিৰ সম্পাদক চিন্তু পেগুৱে৷ পুৱা ৮:৩০ বজাত মিচিং জাতিৰহকে আত্ম বলিদান দিয়া শ্বহীদসকলক সোঁৱৰি “মৗপাঃ কুমতম্” ধূপ আৰু বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতসকলৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়৷ উক্ত শ্বহীদ তৰ্পণ অনুষ্ঠানটিত তৰ্পক আছিল মহেন্দ্ৰ পায়েং, অনুষ্ঠানটি সঞ্চালনা কৰে মাজুলী জিলা টিএমপিকেৰ সভাপতি টুটু পাংগিঙ আৰু জেষ্ঠ্য সংগ্ৰামী ভাস্কৰ পেগুৱে৷ পুৱা ১০ বজাত প্ৰতিনিধি শিবিৰৰ দুৱাৰ মুকলি কৰে ৩০ নং চাংগা মাজুলীৰ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নীলকান্ত দলেয়ে৷ পুৱা ১০:৩০ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে টিএমপিকেৰ কেন্দ্ৰীয় সমতিৰ সহঃসম্পাদক ৰামগোবিন দলেয়ে৷ দিনৰ ২ বজাত পৰ্যবেক্ষক ভাস্কৰ পেগু, টুটু পাংগিং, প্ৰাণজিৎ পেগুৰ নেতৃত্বত পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়৷ সভাৰ সৰ্ব সন্মতিক্ৰমে টিএমপিকে লুইতপৰীয়া আঞ্চলিক সমিতিৰ সভাপতি হিচাপে ৰাহুল গাম, সম্পাদক হিচাপে সঞ্জীৱ পাংগিংক, এমএমকেৰ সভাপতি হিচাপে মিনাধৰ পাংগিং, সম্পাদক হিচাপে হিতেশ্বৰ পায়েং , টিএমএমকেৰ সভানেত্ৰী হিচাপে মেৰীনা য়েইন আৰু সম্পাদিকা হিচাপে বনশ্ৰী গামক দায়িত্বভাৰ অৰ্পণ কৰে৷ উল্লেখযোগ্য যে উক্ত প্ৰতিনিধিমূলক সভাতে নিৰ্দিষ্ট বক্তা হিচাপে টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ মিগাং টুনীৰাম পাংগিঙে উপস্থিত থাকি ভাষণ প্ৰসংগত বহুতো গুৰুত্বপূৰ্ণ বক্তব্য ৰাখি উপস্থিত ৰাইজক আমোদ দিয়ে৷ আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সামূহিক চাফাই, পুৱা ৮ বজাত বৃক্ষৰোপন অনুষ্ঠানত মনোৰঞ্জন পাংগিং আৰু যোগেন গাৰেয়ে এটি নাৰিকলৰ পুলি ৰোপন কৰে৷ পুৱা ৯ বজাৰ পৰা ভাস্কৰ পেগুৰ উদ্বোধনিত মিচিং-অসমীয়া গীত, কবিতা, মৗঃতম, সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷ নিশা ১১ বজাৰ ভিতৰত সামৰণি পৰা অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে অসমৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী ইন্দ্ৰকুমাৰ পাতিৰৰ গীতৰ শৰাইয়ে সভাত উপস্থিত ৰাইজক আপ্লুত কৰি তোলে৷
বাতৰি যুগুতালে নয়াবজাৰৰ পৰা প্ৰাঞ্জল প্ৰণয় গাৰে।

Leave A Reply

Your email address will not be published.