বানত ক্ষতিগ্ৰস্ত সকললৈ অৰ্থ সাহাৰ্য্য আগবঢ়ালে প্ৰিয়ংকা-নিকে

0 261

পলমকৈ হ’লেও অসমৰ বানাক্ৰান্ত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম পৰ্যটনৰ প্ৰাক্তন বেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰা।বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে প্ৰিয়ংকা চোপ্ৰাই ইতিমধ্যে অৰ্থ সাহাৰ্য দান কৰিছে।
 
 
এই কথা ইনষ্টাগ্ৰাম যোগে প্ৰকাশ কৰি এনেদৰে বাৰ্তা লিখিছে -অসমে বৰ্তমান ডাঙৰ সমস্যাৰে যুঁজি আছে। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বাঢনী পানী বাঢ়ি গৈছে আৰু লাখ লাখ মানুহ বানত ককবকাই আছে। তেওঁলোকৰ জীৱন ভূমি সম্পত্তিৰ ওপৰত অকল্পনীয় ভাৱে প্ৰভাৱ পৰিছে। তেওঁলোকক আমাৰ সহায়ৰ প্ৰয়োজন। মই আৰু নিকে সহায় বাবে হাত আগবঢ়াইছো।আহক আমি সকলোৱে তেওঁলোকক সহায় কৰো।

Leave A Reply

Your email address will not be published.