ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য )ত্ৰিদিব কোঁৱৰৰ অধ্যক্ষতাত বাহকজনিত ৰোগৰ টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় ।সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে নলা-নৰ্দমাসমূহ অপৰিস্কাৰৰ ফলত মহৰ উপদ্ৰব বাঢ়ে। ইয়াৰ ফলত ডেংগু,মেলেৰিয়া ,জাপানীজ এনকেফেলাইটিছ তথা অন্যান্য বাহকজনিত ৰোগৰ প্ৰাৰ্দুভাৱ হয় ।বাহকজনিত ৰোগৰ প্ৰতিৰোধৰ বাবে সজাগতামূলক প্ৰচাৰৰ লগতে সংক্ৰমিত হ’ব পৰা ঠাইসমূহত নিয়মিত ধোৱা দিয়া (“ফগিং” ) ব্যবস্হাত গুৰুত্ব আৰোপ কৰে । তদুপৰি আগন্তুক দিনত যাতে বাহকজনিত ৰোগ হ’ব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। আজিৰ এই বৈঠকত জিলা স্বাস্হ্য সেৱাৰ যুটীয়া সঞ্চালক, মহিলা আৰু শিশু উন্নয়ন , মেলেৰিয়া,পশুপালন আৰু পশু চিকিৎসা,জিলা তথ্য আৰু জনসংযোগ,কৃষি বিভাগৰ প্ৰতিনিধিসহ অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন