এতিয়া বৰ্ষা ঋতু। বাৰিষাৰ প্ৰাকৃতিক পৰিবৰ্তনৰ লগেলগে যোৱা কেইদিনত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো বতৰ প্ৰায়ে ডাৱৰীয়া হোৱাৰ লগতে বৰষুণো বৃদ্ধি পাবলৈ ধৰিছে ৷ সম্ভাৱ্য প্ৰতিকূল পৰিস্থিতিত পথত বাহন চালনা আৰু যাতায়াতৰ ক্ষেত্ৰত স্বাভাৱিকতে জটিলতাৰ সৃষ্টি হ’ব পাৰে। সেয়ে অধিক বৰষুণ-বান, ধুমুহা, বিজুলী-ঢেৰেকনিৰ ভয়ানক পৰিস্থিতিত যান-বাহনৰ গৰাকীক অধিক সতৰ্কতা আৰু সুৰক্ষিতভাৱে বাহন চলাবলৈ আহ্বান জনাইছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে। তেওঁ কয় যে, বাৰিষাৰ এই সময়চোৱাত হঠাতে বৰষুণৰ সমানে ডাঠ আন্ধাৰে চৌপাশ ঢাকি ধৰা অৱস্থাত ৰাজপথ ক্ৰমাৎ অস্পষ্ট হ’ব পাৰে ৷ এনে সময়ত সাধাৰণতে দুৰ্ঘটনা বৃদ্ধি পোৱা দেখা যায়। সেয়ে এই সময়চোৱাত অধিক সতৰ্কতাৰে বাহন চলোৱাৰ লগতে পৰাপক্ষত গতি হ্ৰাস কৰি আগৰ বাহনৰ লগত নিৰাপদ অনুসৰণ দূৰত্ব বজাই ৰাখিব লাগিব। দৃশ্যমানতা বৃদ্ধি কৰিবলৈ প্ৰয়োজন সাপেক্ষে দিনৰ ভাগতো হেডলাইট জ্বলাই ৰাখিব লাগিব ৷ পথৰ মাজে মাজে পানীয়ে ডোঙা বান্ধি থকা অংশ আৰু বানপানী হোৱা অঞ্চলেৰে বাহন চলাওঁতে অত্যন্ত সাৱধান হওক অথবা এনে ঠাইত বাহন চলোৱাৰ পৰা বিৰত থাকক। তেওঁ আৰু কয় যে, এই সময়ত সকলো চালক,গৰাকীয়ে বাহনৰ টায়াৰৰ গভীৰতা পৰ্যাপ্ত হোৱাটো নিশ্চিত কৰক ৷ ইন্ধনৰ টেংক ভৰ্তি কৰি ৰখা, বিকল তাঁৰ ঠিক কৰা, ব্ৰেক পেড আৰু ব্ৰেক ফ্লুইড পৰীক্ষাৰ লগতে ৱাইপাৰে ভালকৈ কাম কৰি আছেনে নাই সেয়া নিশ্চিত কৰক । তদুপৰি বাহনৰ আইনাবোৰ পৰিস্কাৰ আৰু সামঞ্জস্য কৰা, বাহনৰ তৰল পদাৰ্থৰ মাত্ৰা নিৰিক্ষণ আৰু আভ্যন্তৰীণ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি নিয়মীয়া ৰক্ষণাবেক্ষণত গুৰুত্ব দিয়ক। কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়াৰ অতিৰিক্ত দায়িত্বতো থকা বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে এই সময়ত বাহনৰ গৰাকীয়ে বাধ্যতামূলকভাৱে বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লগত ৰাখিব লাগিব ৷ কিয়নো নথিপত্ৰসমূহ সঠিক হৈ নাথাকিলে বান-বৰষুণৰ জটিল পৰিস্থিতিত বাহনৰ কিবা ক্ষয়-ক্ষতি হ’লেও বীমা কোম্পানীসমূহে তাৰ ক্ষতিপূৰণ নিদিব পাৰে। সেয়ে বাহনৰ গৰাকীক চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ ফিটনেছ, বীমা, প্ৰদূষণমুক্তৰ লগতে যাবতীয় সকলো নথিপত্ৰ সঠিক কৰি ৰাখিবলৈ পৰিবহণৰ উচ্চপদস্থ বিষয়া গৌতম দাসে সবিনয়ে আহ্বান জনায়। তদুপৰি এই সময়ত দুৰ্ঘটনাৰ পৰা হাত সাৰি চলিবলৈ সদায় সুৰক্ষিত গতিত বাহন চলোৱা, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰা, ৰাগীয়াল দ্ৰৱ্য সেৱন কৰি আৰু ম’বাইলত কথা পাতি অন্যমনস্ক হৈ বাহন নচলোৱা আদি নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ তেওঁ আহ্বান জনায়৷
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth