বাৰ্ষিক মুখপত্ৰ “চিয়াঁহী” উন্মোচন

0 238

WhatsApp Image 2018-02-27 at 7.19.56 PM

সংখ্যা গৰিষ্ঠ সকলৰ পক্ষত থাকি সংবাদৰ জৰিয়তে সমাজৰ সেৱা আগবঢ়োৱা জনেই প্ৰকৃত সাংবাদিক। সেয়েহে সাংবাদিক সকলে গঠনাত্মক চিন্তা ধাৰাৰে সংবাদ পৰিবেশনত ব্ৰতী হ’ব লাগে। এই মন্তব্য  প্ৰবীণ সাংবাদিক মনজিৎ মহন্তৰ। আজি ইণ্ডিয়ান ৰিপ’ৰ্টাছ এচ’ছিয়েচনৰ উদ্যোগত উজানবজাৰ শ্বহীদ ন্যাস ভৱনত অনুষ্ঠিত হোৱা বাৰ্ষিক মুখপত্ৰ উন্মোচনী অনুষ্ঠানত “চিয়াঁহী” নামৰ এখন মুখপত্ৰ উন্মোচন কৰি এই মন্তব্য কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি “সমাজ- মানৱ অধিকাৰ ৰক্ষাত সাংবাদিকৰ ভূমিকা “শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰ খনত বিভিন্ন জনে বক্তব্য আগবঢ়ায়। মানৱ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সাংবাদিক সকলে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশৰ সম্পৰ্কে আলোকপাত কৰে।

WhatsApp Image 2018-02-27 at 7.18.44 PM

আলোচনা চক্ৰ খনৰ আঁত ধৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি নকুল তালুকদাৰে। আলোচনা চক্ৰত দৈনিক গণ অধিকাৰ কাকতৰ চাজাহান তালুকদাৰ,  এন ই ফকাচ ডট কমৰ সম্পাদিকা সংগীতা শইকীয়া, নতুন প্ৰতিবিম্ব কাকতৰ তফিক উদ্দিন আহমেদ আৰু দাপোন কাকতৰ মুখ্য সম্পাদক নেকিবুৰ জামানে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায় ইণ্ডিয়ান ৰিপ’ৰ্টাৰছ এচ’ছিয়েচনৰ সাধাৰণ সম্পাদক সংগীতা মেধিয়ে।

Leave A Reply

Your email address will not be published.