দুটা অনুষ্ঠানৰ আঁত ধৰি

0 259

WhatsApp Image 2018-02-28 at 6.23.20 PM

যিবোৰ মানুহে নিজক সন্মান কৰে, তেওঁ কেতিয়াও আনক অপকাৰ কৰাৰ কাম কৰিব নোৱাৰে। এই মন্তব্য মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ। জাৰ্নালিষ্ট এছ’চিয়েচন অব আছাম (জা) আয়োজন কৰা অনুষ্ঠানত এই মন্তব্য কৰে। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মাৰক সমালোচনামূলক সাহিত্য, সাংবাদিকতা বঁটা ড৹ আনন্দ বৰমুদৈক প্ৰদান কৰে। উল্লেখযোগ্য যে তেখেতৰ অনুপস্থিতিৰ বাবে ড০ অৰ্ণব বৰমুদৈয়ে এই বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰ খনলৈ বিশেষ বৰঙণি আগবঢ়োৱা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, পূৰ্বাঞ্চল প্ৰহৰীৰ জি এল আগৰৱালাক সম্বৰ্দ্ধনা জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি “জা- বাৰ্তা ” শীৰ্ষক এখন স্মৰণিকা উন্মোচন হয়। অনুষ্ঠানত জা ৰ সমূহ বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

WhatsApp Image 2018-02-28 at 6.22.08 PM

শিৱসাগৰ নগৰত অৱস্থিত পৰ্যটক নিবাস প্ৰেক্ষাগৃহত কালি ‘তলাতল কাৰেংঘৰ ‘শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ গ্ৰন্থ শুভ উন্মোচন হয়। সমাজকৰ্মী লোহিত বুঢ়াগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত নবীন বুঢ়াগোঁহাই আৰু মানস কলিতাই যুটীয়াভাৱে লিখি উলিওৱা গ্ৰন্থখন ভাৰতীয় পুৰাতত্ব বিভাগৰ শিৱসাগৰ শাখাৰ উদ্যান বিষয়া হোমেন মেধিয়ে উন্মোচন কৰে। ভাষণ প্ৰসংগত গ্ৰন্থখনৰ সন্দৰ্ভত মেধিয়ে কয় যে – বুৰঞ্জীৰ অনুসন্ধিৎসু আৰু পৰ্যটকৰ সুবিধাৰ্থে নবীন বুঢ়গোহাঁইয়ে বিভিন্ন গ্ৰন্থ লিখাৰ বিপৰীতে মানস কলিতাই দীৰ্ঘদিন ধৰি গাইড হিচাপে পৰ্যটন ক্ষেত্ৰসমূহত কাম কৰি আহিছে।

WhatsApp Image 2018-02-28 at 6.23.45 PM

দুয়োজনৰ দ্বাৰা লিখিত এই গ্ৰন্থ খনে বুৰঞ্জীৰ  অনুসন্ধিৎসু আৰু পৰ্যটক সকলক বিশেষভাৱে উপকৃত কৰিব। গ্ৰন্থখনত আহোম ৰজাৰ ৰাজকাৰেং, তলাতল, কাৰেংঘৰৰ বিষয়ে তথ্যসহ লিপিবদ্ধ কৰিছে। এই গ্ৰন্থখন ছাত্ৰ- ছাত্ৰী আৰু লেখক- সাংবাদিক সকলৰ বাবেও হাতপুথিত পৰিণত হ’ব। উল্লেখযোগ্য যে গ্ৰন্থ উন্মোচনী সভাখনত বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰকাশক পবিত্ৰ চুতীয়া, সমাজকৰ্মী ঈশান ফুকন, পৰ্যটন বিভাগৰ হৰিচৰণ ডেকা, পুতুল দাসকে ধৰি প্ৰায় অৰ্ধশতোাধিক লোক উপস্থিত থাকে।

খবৰ যোগান ধৰিলে শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈয়ে।

Leave A Reply

Your email address will not be published.