বিত্ত মন্ত্ৰী অজন্তা নেওগে পৰিদৰ্শন কৰিলে দদৰাস্থিত ধান ক্ৰয় কেন্দ্ৰ

0 201


তেজপুৰত কাইলৈ অনুষ্ঠিত হ’বলগীয়া অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ দদৰাস্থিত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধান ক্ৰয়ৰ বিভিন্ন দিশ পয্যবেক্ষণ কৰে। তেওঁ ক্ৰয় কেন্দ্ৰৰ বিভিন্ন বিষয়া তথা ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ উপৰি কেন্দ্ৰটোৰ জৰিয়তে যাতে স্থানীয় কৃষক সকল সৰ্বোত্তম ৰূপত উপকৃত হ’ব পাৰে তাৰ বাবে আহ্বান জনোৱাৰ লগতে এই সম্বন্ধে স্থানীয় কৃষকৰ মাজত উপযুক্ত সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰী গৰাকীয়ে এই পৰিদৰ্শনৰ সময়তে নিৰ্মাণ সম্পূৰ্ণ হোৱা হাজোৰ কুলহাটীৰ এখন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, গনেশতোলাৰ এখন সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে লগতে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি বিদ্যালয়খনৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ বুজ লয়।আজিৰ এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.