বিধানসভা অধিবেশনৰ প্ৰতিটো দিনতে বিভিন্ন জনগোষ্ঠীৰ অংগবস্ত্ৰ পৰিধান কৰিব মিত্ৰদলৰ বিধায়কসকলে

0 252

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মানি অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা আজি ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰদলৰ বিধায়কসকলে কান্ধত গামোচা লৈ বিধানসভা অধিবেশনৰ কাৰ্যসূচীত অংশ লয় | মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিবেশনৰ প্ৰত্যেক দিনাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অংগবস্ত্ৰ পৰিধান কৰি আহিবলৈ ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰদলৰ বিধায়কসকলক নিৰ্দেশ দিছিল | এই নিৰ্দেশ মানি শাসক পক্ষৰ বিধায়ক সকলে আজি বাজেট অধিবেশনৰ প্ৰথম দিনা কান্ধত গামোচা লৈ বিধানসভা অধিবেশনৰ কাৰ্যসূচীত অংশ লোৱাৰ বিপৰীতে অহা দিনকেইটাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ পৰিধান কৰিব |
বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা কথোপকথনত অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই এই কথা উল্লেখ কৰি কয়, “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি শাসকীয় পক্ষৰ বিধায়কসকলে বিধানসভা অধিবেশনৰ প্ৰত্যেক দিনাই অসমৰ বেলেগ বেলেগ জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ পৰিধান কৰি আহিব |” উল্লেখযোগ্য যে যিসকল জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ চলিত অধিবেশনত পৰিধান কৰিবলৈ থাকি যাব, সেয়া পৰৱৰ্তী অধিবেশনসমূহত পৰিধান কৰা হ’ব |

Leave A Reply

Your email address will not be published.