বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত

0 248

ৰাজ্যত মহামাৰী ক’ৰণা ভাইৰাছৰ বিভিষিকা অব্যাহত থকাৰ সময়ত বানপানীয়ে বিস্তাৰ ক্ষতি সাধন কৰি বিভিন্ন ঠাই বাঢ়নী পানীয়ে বুৰাই পেলাইছিল। বানপানীয়ে বুৰাই পেলোৱা অঞ্চলসমূহত পশুধনৰ হ’ব পৰা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰান পোৱাৰ উদ্দেশ্যৰে অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা শাখাৰ সহযোগত ৰাজ্যৰ ভিন্ন অঞ্চলত বিনামূলীয়া পশু চিকিৎসা সেৱা অনুষ্ঠিত হয়।
 
 
সমান্তৰালভাৱে আজি পলাশবাৰীৰ চিমিনাস্থিত চিমিনা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়াকৈ পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। অঞ্চলটোৰ প্ৰায় শতাধিক পশুধনক বিনামূলীয়াকে চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিষেধক প্ৰদান কৰি ঔষধ বিতৰণ কৰে।এই চিকিৎসা শিবিৰত অসম পশু পালন আৰু পশু চিকিৎসা সেৱা সন্থা, কামৰূপ জিলাৰ সম্পাদক তথা পশু চিকিৎসক ডা: তপন কুমাৰ দাসৰ লগতে ডা: ভদ্দেশ্বৰ ডেকা, ডা: নিৰ্মল ভট্ট, ডা: ইন্দ্ৰাণী বৰুৱা, ডা: জোনা চৌধুৰী, ডা: প্ৰণিতা দেৱী, ডা: চন্দন শৰণীয়া, ডা: দেৱকিশোৰ শৰ্মা, ডা: নৃপেন শৰ্মা, ডা: গোলপ বৈশ্য, ডা: গগণ দাস, ডা: ডেইজী দাস, ডা: প্ৰদীপ বৈশ্য আৰু অঞ্চলটোৰ ক্ষেত্ৰ সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
 
 
উক্ত পশু চিকিৎসা শিবিৰটো মুকলি কৰে চিমিনা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চাহজাহান আলীয়ে। লগতে উক্ত পশু চিকিৎসা শিৱিৰৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰে ডা: দণ্ডেশ্বৰ ডেকা আৰু ডা: বিমল ভট্টাচাৰ্য্যই।
খবৰ যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.