বিভিন্ন বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী সিংহলৰ ৭ খনকৈ গুৰুত্বপূৰ্ণ বৈঠক

0 118

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী জল ব’ৰ্ড, পৌৰ প্ৰশাসন সঞ্চালকালয়, অসম নগৰীয়া পানীযোগান আৰু পয় প্ৰণালী পৰিষদ আদি বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ পৃথকে পৃথকে মিলিত হৈ বিভাগীয় বিভিন্ন দিশৰ খৰচি মাৰি আলোচনা কৰে। আনহাতে গুৱাহাটী চহৰৰ গুৰুত্বপূৰ্ণ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা সন্দৰ্ভত আলোচনাৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত, জিএমচিৰ আয়ুক্ত, যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অতিৰিক্ত পৰিচালন-সঞ্চালক তথা গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক, পৰিবহণ বিভাগৰ আয়ুক্ত আৰু কামৰূপ (মহানগৰ)ৰ জিলা পৰিবহণ বিষয়াৰ সৈতে এক যৌথ বৈঠকতো মিলিত হয়।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সৈতে অনুষ্ঠিত বৈঠকত অলপতে অসমৰ ৰাজ্যপালৰ সন্মুখত বিভাগীয় অগ্ৰগতি উপস্থাপন কৰা বিষয়ৰ পৰা আৰম্ভ কৰি দীপৰ বিল প্ৰকল্পৰ ওপৰত আলোচনা,বিশেষ সহায়ক আঁচনি আৰু ইউআইডিএফ, এএমআৰউটি, তথা বিভাগৰ কাৰিকৰী কোষৰ অধীনত ৰূপায়িত আঁচনিসমূহৰ পৰ্যআলোচনা কৰা হয়। বৈঠকত অনলাইন বিল্ডিং পাৰ্মিচন চিষ্টেম ৰূপায়ণ আৰু সমাগত নগৰ পৰিকল্পনা কনক্লেভৰ প্ৰস্তুতিৰ ওপৰতো আলোকপাত কৰা হয়।

গুৱাহাটী পৌৰ নিগমৰ সৈতে অনুষ্ঠিত বৈঠকত কামাখ্যা পানী যোগান প্ৰকল্পৰ বিশদ পৰ্যালোচনা,স্বচ্ছ ভাৰত অভিযানৰ অগ্ৰগতি আৰু কাৰ্য্য পৰিকল্পনা,বিধি উলংঘাৰ বাবে দণ্ডবিধিৰ ৰূপায়ণ, হৰিজন কলনীৰ উন্নয়নৰ অগ্ৰগতি আৰু নিগমৰ নিৰ্মাণাধীন বজাৰৰ শেহতীয়া অৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠকত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে।

গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ সৈতে হোৱা বৈঠকত মহানগৰীত নতুনকৈ নিৰ্মাণৰ বাবে প্ৰস্তাৱিত উদ্যানসমূহৰ চূড়ান্ত নক্সা, গুৱাহাটীৰ মাষ্টাৰ প্লেনৰ বাবে মানক পৰিচালনা পদ্ধতি, উত্তৰ গুৱাহাটীৰ নগৰ পৰিকল্পনা আৰু প্ৰস্তাৱিত গুৱাহাটীৰ মাষ্টাৰ প্লেনত ভূমিৰ লেনদেন বন্ধ কৰাৰ প্ৰস্তাৱ দিয়া কেবিনেট স্মাৰকৰ আলোচনাকে ধৰি বিভিন্ন বিষয় সামৰি লোৱা হয়। বৈঠকত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাও উপস্থিত থাকে।

গুৱাহাটী জল ব’ৰ্ডৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত খোৱাপানী ব্যৱস্থাপনা আৰু যোগানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাত নিৰ্মাণাধীন জলাধাৰসমূহ আৰু ১৬টা বিভাজিত পেকেজৰ অধীনত হোৱা কাম-কাজৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হয়। উত্তৰ গুৱাহাটী জলাশয়ৰ বাবে ঢাল সুৰক্ষাৰ কাম আৰু সোই প্ৰকল্পৰ ফ্লাছিং অৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। পানী সংবহনকাৰী পাইপ বিস্ফোৰণৰ দৰে দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত পাইপলাইন শক্তিশালী কৰাৰ বাবে সুৰক্ষা ব্যৱস্থাৰ বিষয়েও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত দক্ষিণ-পশ্চিম গুৱাহাটী পানীযোগান প্ৰকল্পৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয় আৰু পানীযোগানৰ আন্তঃগাঁথনি বৃদ্ধি তথা গুৱাহাটীবাসীৰ বাবে এক বহনক্ষম আৰু নিৰ্ভৰযোগ্য পানী যোগান নিশ্চিত কৰাৰ একত্ৰিত প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰা হয়।

আনহাতে সৰ্বাংগীন নগৰ উন্নয়নৰ দিশত সংহত প্ৰচেষ্টাৰ এক অংশ হিচাপে মন্ত্ৰী সিংহলে আজি গুৱাহাটী চহৰৰ গুৰুত্বপূৰ্ণ যান-জঁটৰ সমস্যা, যান-বাহন ব্যৱস্থাপনা তথা যাতায়ত নিয়ন্ত্ৰণৰ বাবে মূল অংশীদাৰসকলৰ সৈতে এক যৌথ বৈঠকত মিলিত হয়। এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত, জিএছচিএলৰ গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ অতিৰিক্ত পৰিচালন-সঞ্চালক তথা গুৱাহাটী ইউটিলিটিজ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক মুগ্ধজ্যোতি মহন্ত, পৰিবহণ বিভাগৰ আয়ুক্ত আৰু কামৰূপৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.