বিমান বন্দৰত কঠিন দায়িত্বত কৰ্মৰত মহিলাক সম্বৰ্ধনা

0 253

দেশৰ আন প্ৰান্তৰ দৰে উত্তৰ পূৱৰ বিভিন্ন প্ৰান্তৰ বিমান বন্দৰ সমুহত জটিল দায়িত্বত পুৰুষৰ দৰে নিয়োজিত হৈ আছে কেইবাগৰাকী মহিলা। প্ৰতিকূল পৰিস্থিতিত বিভিন্ন কঠিন প্ৰত্যাহ্বান নেওচি তেওঁলোকে কৰ্তব্য নিষ্ঠাৰ উদাহৰণ দাঙি ধৰি গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব  পালন কৰি আহিছে।
 
 
 
 
যোৱা ৮ মাৰ্চত ত্ৰিপুৰাৰ আগতলাস্থিত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে কেইবাগৰাকী মহিয়সী নাৰীক সম্বৰ্ধনা জনায়।
 
 
 
 
সম্বৰ্দ্ধিত মহীয়সী নাৰী কেইগৰাকী ক্ৰমে বায়ু যাতায়ত নিয়ন্ত্ৰক তথা এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ(এটিচি) এম এছ বিপাশা, এন এলিনা চানু, হিমাক্ষী দাস, আৰ চৰিতা। এই উপলক্ষে মহাৰাজ বীৰ বিক্ৰম (এম বি বি) বিমানবন্দৰৰ সঞ্চালক এছ ডি বৰ্মনৰ আদৰণী ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে কয় কৰ্মক্ষেত্ৰত নাৰীয়ে কৰ্তব্য পালনত পুৰুষতকৈ কম নহয় আৰু সুযোগ সুবিধা পালে নাৰীয়েও পুৰুষতকৈ অধিক নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব পাৰে তাৰেই জলন্ত উদাহৰণ এই নাৰীসকল।
 
 
বিগত সময়চোৱাত এখেত সকলৰ পাৰদৰ্শিতাই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক উপকৃত কৰা বুলি সঞ্জীল জিন্দালে মন্তব্য কৰে। গুৱাহাটীৰ পৰা সেৱা কৰি কুৰিগৰাকীৰো অধিক সাংবাদিককে ধৰি প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ জনসম্পৰ্ক বিভাগৰ প্ৰবন্ধক ইন্দ্ৰমোহন কুমাৰকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.