নৱবৰ্ষৰ পহিলা দিনটোতে অসমলৈ অহা দেশী বিদেশী পৰ্যটকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক কাৰ্যালয়ে।ভাৰত পৰ্যটনৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত পৰ্যটকৰ সুবিধাৰ্থে এটা পৰ্যটন কেন্দ্ৰ মুকলি কৰিছে।এই কেন্দ্ৰটো মুকলি কৰে বৰঝাৰ বিমান বন্দৰৰ যুটীয়া মহাপ্ৰৱন্ধক এম কে এছ বৰদলৈয়ে।এই উপলক্ষে ভাৰত পৰ্যটনৰ গুৱাহাটী কাৰ্যালয়ৰ সহকাৰী সঞ্চালক দিলীপ কুমাৰ মণ্ডলে আঁত ধৰা চমু অনুষ্ঠানত এম কে এছ বৰদলৈয়ে কয় এতিয়াৰে পৰা অসমকে ধৰি উত্তৰ-পূূবৰ পৰ্যটনথলী ভ্ৰমনলৈ অহা দেশী বিদেশী পৰ্যটকে বিমানৰ পৰা নামিয়েই বৰঝাৰ বিমান বন্দৰৰ পৰ্যটন কেন্দ্ৰত পৰ্যটন ক্ষেত্রসমূহৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব।অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ভীমৰাচ যাদৱ,কাৰিকৰী প্ৰবন্ধক আশীষ শৰ্মা,ভাৰত পৰ্যটনৰ গুৱাহাটী কাৰ্যালয়ৰ পৰ্যটন তথ্য বিষয়া মীৰাৰাণী দাসকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখ্য যে পৰ্যটকৰ সহায়ৰ বাবে মুকলি কৰা পৰ্যটন তথ্য কেন্দ্ৰটো এতিয়াৰে পৰা সপ্তাহটোৰ আটাইকেইদিন পুৱাৰে পৰা সন্ধিয়ালৈকে খোলা থাকিব।কেন্দ্রত উত্তৰ পূবৰ পৰ্যটনথলী সমূহৰ তথ্য থাকিব।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন