নৱবৰ্ষৰ পহিলা দিনটোতে অসমলৈ অহা দেশী বিদেশী পৰ্যটকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক কাৰ্যালয়ে।ভাৰত পৰ্যটনৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত পৰ্যটকৰ সুবিধাৰ্থে এটা পৰ্যটন কেন্দ্ৰ মুকলি কৰিছে।এই কেন্দ্ৰটো মুকলি কৰে বৰঝাৰ বিমান বন্দৰৰ যুটীয়া মহাপ্ৰৱন্ধক এম কে এছ বৰদলৈয়ে।এই উপলক্ষে ভাৰত পৰ্যটনৰ গুৱাহাটী কাৰ্যালয়ৰ সহকাৰী সঞ্চালক দিলীপ কুমাৰ মণ্ডলে আঁত ধৰা চমু অনুষ্ঠানত এম কে এছ বৰদলৈয়ে কয় এতিয়াৰে পৰা অসমকে ধৰি উত্তৰ-পূূবৰ পৰ্যটনথলী ভ্ৰমনলৈ অহা দেশী বিদেশী পৰ্যটকে বিমানৰ পৰা নামিয়েই বৰঝাৰ বিমান বন্দৰৰ পৰ্যটন কেন্দ্ৰত পৰ্যটন ক্ষেত্রসমূহৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব।অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ বিশেষ কৰ্তব্যৰত বিষয়া ভীমৰাচ যাদৱ,কাৰিকৰী প্ৰবন্ধক আশীষ শৰ্মা,ভাৰত পৰ্যটনৰ গুৱাহাটী কাৰ্যালয়ৰ পৰ্যটন তথ্য বিষয়া মীৰাৰাণী দাসকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখ্য যে পৰ্যটকৰ সহায়ৰ বাবে মুকলি কৰা পৰ্যটন তথ্য কেন্দ্ৰটো এতিয়াৰে পৰা সপ্তাহটোৰ আটাইকেইদিন পুৱাৰে পৰা সন্ধিয়ালৈকে খোলা থাকিব।কেন্দ্রত উত্তৰ পূবৰ পৰ্যটনথলী সমূহৰ তথ্য থাকিব।
Trending
- অসম সহ উত্তৰ পূবৰ তিনিখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু এন ডি আৰ এফৰ ১৮ টা দলৰ ৫৫০ জন প্ৰশিক্ষিত উদ্ধাৰকাৰী
- কামৰূপ(ম)ত বেলট বাকচ আৰু পলিং বিষয়াৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- এয়াৰটেলে আন্তঃৰাষ্ট্ৰীয় ৰোমিং অভিজ্ঞতা সংস্কাৰৰ নতুন পৰিকল্পনা ঘোষণা
- NSE Stands in Solidarity with the Victims of the Pahalgam Terror Attack- Pledges Support
- ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাথাৰখামাৰ বাৰেগাঁৱত ৰাভা জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন
- OIL Pragyan Super 30 Shines Again: Students Successfully Qualify JEE Mains 2025
- উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান মনোজ যাদৱে
- পশ্চিম বংগৰ মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠান সম্পন্ন -শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন
- গুৱাহাটী মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন
- ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা