গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ত বিগত বছৰ সমূহৰ দৰে এইবেলিও বিশ্ববাসীৰ মংগলাৰ্থে অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৩০ সংখ্যক শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে। ৩ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত যজ্ঞধজ্জা উত্তোলনৰে শ্ৰীশ্ৰীবিষ্ণু মহাযজ্ঞৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পিছত দিনৰ ১১ বজাত মহাযজ্ঞৰ লগত সংগতি ৰাখি এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হব। ৪ ফেব্ৰুৱাৰীত পুৱা ৮ বজাৰ পৰা যজ্ঞৰ আহুতি আৰম্ভ হব। ৫ ফেব্ৰুৱাৰী অন্তিম দিনা পুৱা ৮ বজাৰ পৰা আহুতি আৰু বিয়লি ৩ বজাৰ পৰা পূৰ্ণাহুতি আৰম্ভ হব। ইয়াৰ উপৰিও যজ্ঞৰ আটাইকেইদিনতে দিনৰ ভাগত নাম-প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী চলি থাকিব। আনহাতে যজ্ঞৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমাজসেৱীকা ৰিণিকী ভূঞা শৰ্মাক সভাপতি, গোপীনাথ দাস আৰু পুৰেণ বৰাক কাৰ্যকৰী সভাপতি, নিমাই চন্দ্ৰ দাসক সম্পাদক আৰু ৰাজু বিশ্বাসক কোষাধ্যক্ষ হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। উদ্যোক্তা সকলে যজ্ঞৰ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন