গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ত বিগত বছৰ সমূহৰ দৰে এইবেলিও বিশ্ববাসীৰ মংগলাৰ্থে অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৩০ সংখ্যক শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে। ৩ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত যজ্ঞধজ্জা উত্তোলনৰে শ্ৰীশ্ৰীবিষ্ণু মহাযজ্ঞৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পিছত দিনৰ ১১ বজাত মহাযজ্ঞৰ লগত সংগতি ৰাখি এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হব। ৪ ফেব্ৰুৱাৰীত পুৱা ৮ বজাৰ পৰা যজ্ঞৰ আহুতি আৰম্ভ হব। ৫ ফেব্ৰুৱাৰী অন্তিম দিনা পুৱা ৮ বজাৰ পৰা আহুতি আৰু বিয়লি ৩ বজাৰ পৰা পূৰ্ণাহুতি আৰম্ভ হব। ইয়াৰ উপৰিও যজ্ঞৰ আটাইকেইদিনতে দিনৰ ভাগত নাম-প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী চলি থাকিব। আনহাতে যজ্ঞৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমাজসেৱীকা ৰিণিকী ভূঞা শৰ্মাক সভাপতি, গোপীনাথ দাস আৰু পুৰেণ বৰাক কাৰ্যকৰী সভাপতি, নিমাই চন্দ্ৰ দাসক সম্পাদক আৰু ৰাজু বিশ্বাসক কোষাধ্যক্ষ হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। উদ্যোক্তা সকলে যজ্ঞৰ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত