গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলক ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ মহানগৰীৰ বিভিন্ন হোটেল, লজ আৰু আই আই টি, গুৱাহাটীকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ প্ৰায় বাৰ হেজাৰ বিচনা সাজু কৰিছে প্ৰশাসনে৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু নাচ প্ৰদৰ্শন কৰিবলগীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতীসকল ১০ এপ্ৰিলত আহি গুৱাহাটীত উপস্থিত হ’বহি৷ তেওঁলোকে থকা আৰু খোৱাত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চয়তাৰ বাবে আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুই শতাধিক হোটেল, লজ আৰু শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বিহু নাচিবৰ বাবে অহা যুৱক-যুৱতীসকলে যাতে থকা আৰু খোৱাত কোনোধৰণৰ অসুবিধা নাপায় আৰু নিৰ্দিষ্ট সময়ত যাতে পুৱাৰ জলপানসহিতে সকলো সুবিধা লাভ কৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তই হোটেলৰ প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে৷ জিলা প্ৰশাসনে প্ৰেৰণ কৰা তালিকাৰ ভিত্তিত থাকিবলৈ অহা বিহুৱা-বিহুৱতীক সহজে কোঠাৰ আবন্টন দিয়াৰ বাবে আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰীকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকি বক্তব্য আগবঢ়াই৷
Trending
- বিশ্বৰ সামুদ্ৰিক খণ্ডৰ আগশাৰীৰ নেতাসকলৰ সৈতে যোগদান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- সমাগত আই পি এল চিজ’নৰ আগতেই এয়াৰটেলে বৰ্ষাপাৰা ষ্টেডিয়ামত এয়াৰটেলৰ নেটৱৰ্ক শ্ৰীবৃদ্ধি কৰে
- কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত অসম-মেঘালয় সীমান্ত আম্প্ৰীভেলীত বিশেষ শিবিৰ
- সপোন যেন লগা বৰষুণে পশ্চিম গুৱাহাটীৰ কৃষকৰ মুখলৈ আনিছে হাঁহি -বৰো ধানৰ খেতি কৰা কৃষকলৈ সকাহ
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কৃষিত সংহত পোক পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত
- Farmers’ Mobilization & Awareness Programme organised by NECTAR under PM-DevINE Scheme in Nihoto Village, Nagaland.
- বটদ্রৱাৰ দৌল মহোৎসৱ – দৃষ্টিনন্দন সাংস্কৃতিক সমাহাৰেৰে গোঁসাইক লৈ দৌললৈ যাত্রা
- The National Institute of Technology hosted a three five-day program sponsored by MSME
- নুমলীগড় শোধনাগাৰৰ সৈতে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ
- Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)