বিশ্ব ধাত্ৰী দিৱস উদযাপন

0 295

আধুনিক নাৰ্ছিং ব্যৱস্থাৰ বাটকটীয়া ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধ ক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল। নাইটিংগেলৰ এই মানৱসেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱসৰ।
 
ক’ভিড ১৯ মহামাৰীৰ মাজতে দেশৰ অন্যান্য ঠাইৰ লগতে সোনাৰিত লেডী নাইটিঙ্গেলৰ জন্মদিনটো বিশ্ব পৰিচাৰিকা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰৰ পৰিচাৰিকা সকলৰ উদ্যোগত আয়োজিত এক চমু অনুষ্ঠানত লেডী নাইটিঙ্গেলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়।
 
অনুষ্ঠানত উপস্থিত থকা অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী পুলক গগৈ, এল এইছ এছ নিজৰা চুতীয়া, এ এন এম পুতলি বৰাই দিৱসৰ লগত সংগতি ৰাখি চমু ভাষণ দিয়ে। আনহাতে বিশ্ববাসী আতংকিত হৈ থকা এই দুৰ্যোগপূৰ্ণ সময়তো চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় বিশ্ব ধাত্ৰী দিৱসৰ কাৰ্যসূচী।
 
সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক’ভিড চিকিৎসালয়ত অনুষ্ঠিত হয় বিশ্ব ধাত্ৰী দিৱস। এই দিৱসৰ কাৰ্য্যসূচীৰ জৰিয়তে ক’ৰণাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ’বলৈ সোণাৰিৰ প্ৰতিগৰাকী নাৰ্চ তথা স্বাস্থ্য কৰ্মী সাজু থকা বুলি জানিবলৈ দিয়ে। চৰাইদেউ ক’ভিড চিকিৎসালয়ত অনুষ্ঠিত এই অনুষ্ঠানত চিকিৎসালয়খনৰ অধীক্ষক ডা: সৌমেন ভাগৱতী, জ্যেষ্ঠ চিকিৎসক ডাঃ দিগন্ত চেতিয়া আৰু কণিষ্ঠ চিকিৎসক জয়প্ৰকাশ কুমাৰ শ্বাহ উপস্থিত থাকে।
 
খবৰ যুগুতালে সোনাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.