আজি নিশা ৮বজাত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিব

0 241

দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আজি নিশা ৮বজাত সমগ্ৰ দেশবাসীকে সম্বোধন কৰিব। ক’ভিড১৯য়ে সৃষ্টি কৰা এই বিপদজ্জনক  পৰিস্থিতিৰ সম্পৰ্কে দেশখনক তথা দেশৰ সকলো স্তৰৰে জনতাক সম্পূৰ্ণৰূপে সজাগ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব।
 
 
উল্লেখ্য যে বৰ্তমানে সমগ্ৰ দেশতে  তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউন আগন্তুক দিনত কি পৰ্য্যায়ত হ’ব সেই সম্পৰ্কে  সন্দৰ্ভত দেশবাসীক জনাব। উল্লেখযোগ্য যে সোমবাৰে দেশখনৰ সমগ্ৰ ৰাজ্যৰে মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বৈঠকত মিলিত হৈছিল।
 
এই বৈঠকতে  লকডাউন পূৰ্বতকৈ বৃদ্ধি কৰাৰ বাবে সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰী সকলে আহ্বান জনাইছিল। সেয়েহে এই সকলো বিষয় সন্দৰ্ভত আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.