বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষত মিচিং জাতীয় সংগঠনৰ এক লাখ গছপুলি ৰোপন

0 324


আজি বিশ্ব ধৰিত্ৰী দিৱস।জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন গোলকীয় উষ্ণতা বৃদ্ধি ,বৰষুণৰ পৰিমাণ ভয়ংকৰ ভাবে হ্ৰাস ,পৰিবেশ প্ৰদূষণ আদি সীমাহীন নেতিবাচক পাৰ্শ্বক্ৰিয়াত বিধ্বস্ত ধৰণী। মানৱ সৃষ্ট এনে অবৰ্ণনীয় পৰিস্থিতিত পৰি  ৰোগাক্ৰান্ত হোৱা আই ধৰিত্ৰীক এনে জটিল সন্ধিক্ষণৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অনুকৰণীয় আৰু আদৰ্শনীয় পদক্ষেপ হাতত লৈছে মিচিং জাতীয় সংগঠন সমূহে।ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাং ,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ যৌথ উদ্যোগত শনিবাৰে এই বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষত ধেমাজি জিলাৰ চিলাপথাৰৰ বগীবিল কাৰেং চাপৰিৰ আৱাদী প্ৰায় ১৬ হাজাৰ বিঘা ভূমিত মুঠ ১লাখ গছপুলি ৰোপণ কাৰ্যসূচী অব্যাহত আছে। বৃহত্তৰ কাৰেং চাপৰি গাঁওবাসী ৰাইজে দান সূত্ৰে জাতিয় সংগঠনলৈ আগবঢ়োৱা এই বিশাল ভূখণ্ডত শনিবাৰে পুৱাৰ পৰা ১০ হাজাৰ জাতীয় সংগঠনৰ কৰ্মকর্তাই প্ৰতিজনে ১০টাকৈ গছপুলি ৰোৱা মহান কামত ব্ৰতী হৈছে । ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ পৰা জাতীয় সংগঠনৰ কৰ্মকর্তা সকল আহি কাৰেং চাপৰিৰ সংৰক্ষিত এলেকাত উপস্থিত হৈ গছপুলি ৰোৱা পৰ্ব আৰম্ভ কৰিছে। মিচিং জনগোষ্ঠীৰ বৰেণ্য ব্যক্তি , বিভিন্ন সংগঠনৰ কৰ্মকৰ্তা, চাকৰিজীৱী আৰু চহা সকলৰ উপৰিও এই সময়োপযোগী কাৰ্যসূচীত অৰণ্য মানৱ,পদ্মশ্ৰী যাদৱ পায়েং ,শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু ,সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানৌ কেবাংৰ সভাপতি পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ তথা জাতিয় সংগঠন মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি সুনীল কুমাৰ পেগু ,জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ,প্ৰাক্তন জনগোষ্ঠীয় নেতা ভুৱন পেগু ,মিচিং বানৌ কেবাংৰ সাধাৰণ সম্পাদক ৰাজু মেদক মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, মিচিং আগম কৌবাংৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক ডিম্বেশ্বৰ দলে ,
মিচিং দৃৰবৌ কেবাংৰ সভাপতি প্ৰশাসনিক বিষয়া অশ্বীনী কুমাৰ দলে, সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, বৃক্ষ মানৱ বুকুল গগৈকে প্ৰমুখ্য কৰি অগণন জনগোষ্ঠীয় বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকি সেউজী ধৰণী সৃষ্টিৰ প্ৰশংসনীয় অভিযানৰ গৌৰৱপূৰ্ণ অংশীদাৰ হয়। এই সন্দৰ্ভত অনুষ্ঠিত এক সভাৰে আঁত ধৰে টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তিলক দলেয়ে।উল্লেখ্য যে কাৰেং চাপৰিবাসীয়ে দানসূত্ৰে আগবঢ়োৱা এই ১৬ হাজাৰ বিঘা ভূমিতে মিচিং ক্ৰীড়া মহোৎসৱৰ (স্পৰ্টছ কাৰ্নিভেল) স্থায়ী ক্ষেত্ৰ নিৰ্মাণ কৰা হব বুলি জাতিয় সংগঠনৰ নেতৃত্বই জানিবলৈ দিছে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.