বিহু গীতৰ মাজেৰে ক’ৰণাৰ সজাগতা সৃষ্টি প্ৰয়াস এগৰাকী আৰক্ষীৰ

0 388

সজাগ হওক আতংকিত নহ’ব। খুব সোনকালে ক’ৰণাৰ বিৰুদ্ধে যুঁজত জয়ী হ’ব অসম। মহামাৰী ক’ৰণাৰ বিৰুদ্ধে এইবাৰ বিহুগীতৰ মাধ্যমেৰে সজাগতাৰ সৃষ্টিৰ প্ৰয়াস চলাইছে এগৰাকী আৰক্ষী বিষয়াই।
 
মৰিয়নী আৰক্ষী থানাত সহকাৰী পৰিদৰ্শক হিচাপে কৰ্মৰত বিমান ৰেগন নামৰ এগৰাকী আৰক্ষী বিষয়াই কৰ্তব্যৰ পালনৰ সমান্তৰালভাবে মৰিয়নীৰ গাঁৱে ভূঁঞে ক’ৰণাৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ  গীতৰ মাজেৰে প্ৰেৰণা যোগাই আহিছে।
 
ক’ৰণাৰ পৰা বাচিবলৈ কিদৰে সাবধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে বিহুগীতৰ মাজেদি গাঁৱৰ চহা লোকসকলক অৱগত কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এইগৰাকী আৰক্ষী বিষয়াই। আৰক্ষী সহঃপৰিদৰ্শকগৰাকীৰ মতে কেৱল আইনী কঠোৰতাই নহয় গীতৰ মাধ্যমেৰেও মানুহক সুন্দৰভাবে পৰিচালিত কৰিব পাৰি।
 
খবৰ যুগুতালে মৰিয়নিৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.