লক ডাউনৰ মাজতে ঘৰতে উদ্যান সাজি উলিয়ালে

0 266

মৰিগাঁও জিলাৰ চাটনগুৰিৰ এগৰাকী যুৱক । নাম  গোবিন্দ কুমাৰ নাথ। বৰ্তমান সময়ত  নিজৰ প্ৰতিভা আৰু  কৰ্মৰ বাবে  সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে।
 
কিয়নো লকডাউনৰ কেইদিনতে যুৱকজনে ঘৰতে এখন উদ্যান তৈয়াৰ কৰিছে।নিজৰ ঘৰতে উপলব্ধ থকা  সামগ্ৰী যেনে বাঁহ, কাঠ আৰু বিভিন্ন সঁজুলিৰে সাঁজি উলিয়াইছে এটা জিৰণীচ’ৰা। এডাল গছক কেন্দ্ৰ কৰি সাঁজি উলিওৱা হৈছে এই সেউজীয়া পৰিৱেশৰ জিৰণীচ’ৰাটো।
 
উদ্যানত  থকা সকলো বস্তুতে বুলাই দিয়া হৈছে সেউজীয়া ৰং।  চৰাইৰ বাঁহ থকা সেউজীয়া ৰঙৰ টেকেলি কিছুমানো গছৰ ওপৰত আঁৰি দিছে । উদ্যানখনত বহিবৰ বাবে কাঠ আৰু বাঁহেৰে সজা আসনৰ ব্যৱস্থা কৰা হৈছে।
 
 
মুঠৰ ওপৰত এক সেউজীয়া পৰিৱেশ যিয়ে বৰ্তমান  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।  পুৰণি মুখাবয়ব, ঘৰৰ বেৰত অংকন কৰা চিত্ৰশিল্প, বেং ছতা সদৃশ শিল্পকলা ইত্যাদিবোৰ ব্যতিক্ৰমী ভাৱে প্ৰাণ পাই উঠা পৰিৱেশটো এতিয়া ওচৰ চুবুৰীয়া শিশু সকলৰ বাবে প্ৰধান আকৰ্ষণৰ বিন্দু হৈ পৰিছে।
 
 
স্মৰ্তব্য যে  গোবিন্দ কুমাৰ নাথ নাটক,অভিনয়ৰ লগত জৰিত হৈ আছে ।তেখেতে ইতিমধ্যে বিভিন্ন নাটক লিখি সমাদৰ লাভ কৰিছে।

Leave A Reply

Your email address will not be published.