শিলত পক্ষী অংকন কৰি সমাদৃত নিৰঞ্জন

0 281

সমগ্ৰ দেশৰ লগতে অসমতো  মহামাৰী ক’ৰণাক ৰোধ কৰাৰ বাবে  লকডাউন চলি আছে। এই সময়খিনিত সকলো লোককে ঘৰতে থাকিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছিল। এই লকডাউনৰ সময়খিনি একাংশৰ কাৰণে বহুতেই প্ৰয়োজনীয়, আন একাংশৰ কাৰণে আকৌ দুৰ্বিষহ হৈ পৰিছে।
লক ডাউনৰ সময়ছোৱাত  ঘৰতে থাকি ষ্টন পেইণ্টিং কৰি সমাদৰ লাভ কৰিছে ডুমডুমাৰ এজন যুৱকে।  ডুমডুমাৰ ৰূপাই এই যুৱকজনৰ নাম নিৰঞ্জন নায়ক। এইগৰাকী প্ৰতিভাৱান যুৱকজনে তেওঁৰ স্ব প্ৰতিভাৰে শিলত খোদিত কৰিছে বিভিন্নধৰণৰ পক্ষী।
 
ঘৰ বনালৈ অনা কেইটামান শিল বুটলি আনি যুৱকজনে মাছৰোকা,ধনেশ পক্ষী,ঘৰ চিৰিকা ,হেটেক্টেকী অংকন কৰিছে।যাৰ বাবে অৰণ্যক আৰু ইউনিচেফৰ ফালৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে।
 
উল্লেখযোগ্য যে সম্প্ৰতি  নিৰঞ্জন নায়কে ডিগবৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে । পৰৱৰ্তী সময়ত  নিৰঞ্জন নায়কে  পেইণ্টিং সমূহ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এন ই ফ’কাচ ডট কমৰ আগত প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.