বিপিএফ দলৰ দুই নেতা ক্ৰমে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু তামোলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই উপলক্ষে আজি পুৱা চাৰে ন বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত বাসভৱনৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত অনুষ্ঠিত এক যোগদান সভাত দুয়োজন নেতাই আনুষ্ঠানিকভাৱে যোগদান কৰি গেৰুৱা বস্ত্ৰ পৰিধান কৰে।অনুষ্ঠানটোত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখপাত্ৰ ৰূপম গোস্বামী, বিজেপি নেতা মমিনুল আৱালকে ধৰি বহু কেইজনো নেতা উপস্থিত থাকে। অনুষ্ঠানটোৰ আত ধৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।মুখ্যমন্ত্ৰীয়ে দুয়োজনকে বিজেপি দললৈ আদৰণি জনাই কয় যে এইবাৰ বিটিচি নিৰ্বাচনত বিজেপি দলে বিটিচি গঠন কৰাটো নিশ্চিত হৈছে।দৈমাৰী আৰু মুছাহাৰীৰ যোগদানে বিজেপি দলক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Trending
- মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত-মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰসংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পদক্ষেপ স্বৰুপে উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ অধীনত ৫৮ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান
- Armed Forces Flag Day on 7th Dec
- কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান
- বিভিন্ন বিভাগৰ সৈতে জনতা ভৱনত মন্ত্ৰী সিংহলৰ ৭ খনকৈ গুৰুত্বপূৰ্ণ বৈঠক
- ৰাসৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ-সকলো সময়তে সুস্থ দেহ-মন ধৰি ৰাখিবলৈ হ’লে পথ-সুৰক্ষাৰ সজাগতা একান্তই আৱশ্যক
- ৰঞ্জিত হাজৰিকাৰ ভিন্নসুৰী গ্ৰন্থ শত জীৱন কত কথা উন্মোচন
- ৰঞ্জিত হাজৰিকাৰ ভিন্নসুৰী গ্ৰন্থ শত জীৱন কত কথা উন্মোচন
- ওদালগুৰি জিলাৰ চমুৱাপাৰা গেন্দ্ৰাজুলি বোঁৱতি জলসিঞ্চন আঁচনিৰ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ
- চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন