বিপিএফ দলৰ দুই নেতা ক্ৰমে ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু তামোলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। এই উপলক্ষে আজি পুৱা চাৰে ন বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ খাৰঘুলিস্থিত বাসভৱনৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত অনুষ্ঠিত এক যোগদান সভাত দুয়োজন নেতাই আনুষ্ঠানিকভাৱে যোগদান কৰি গেৰুৱা বস্ত্ৰ পৰিধান কৰে।অনুষ্ঠানটোত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখপাত্ৰ ৰূপম গোস্বামী, বিজেপি নেতা মমিনুল আৱালকে ধৰি বহু কেইজনো নেতা উপস্থিত থাকে। অনুষ্ঠানটোৰ আত ধৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই।মুখ্যমন্ত্ৰীয়ে দুয়োজনকে বিজেপি দললৈ আদৰণি জনাই কয় যে এইবাৰ বিটিচি নিৰ্বাচনত বিজেপি দলে বিটিচি গঠন কৰাটো নিশ্চিত হৈছে।দৈমাৰী আৰু মুছাহাৰীৰ যোগদানে বিজেপি দলক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ