বীৰুবালা জীৱনৰ আধাৰত তেজস্বিনী

0 310

অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হ’লেহে সমাজ জীৱন আগুৱাই যায়।কিন্তু পৰিতাপৰ বিষয় যে আজি কালি চৰকাৰী পক্ষৰ অনুষ্ঠানত অাৰু চিৰিয়েল, চিনেমাৰ পৰ্দাত অন্ধবিশ্বাস সমন্বিত বিষয়বোৰ উপস্থাপন কৰা যায়।এই মন্তব্য দিলীপ বৰাৰ ।আজি গুৱাহাটী প্ৰেছ ক্লাবত ডাইনী হত্যাৰ প্ৰতিবাদী কণ্ঠ বীৰুবালা ৰাভাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা তেজস্বিনী শীৰ্ষক এখন তথ্য চিত্ৰ মুকলি কৰি বৰাই কয় যে ডিজিটেলৰ যুগতো মানুহৰ মন মগজুত মধ্যযুগীয় পৰম্পৰা দকৈ শিপাই থকা পৰিলক্ষিত হৈছে ।যাৰ ফলস্বৰূপে পৰম্পৰাক দোহাই দি কিছু সংখ্যকে অন্ধবিশ্বাসক হাত উজান দিছে।এনে সময়তে সোতৰ বিপৰীতত গৈ প্ৰিয়ম বৰাই বীৰুবালাৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় ।তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে হিমাংশু প্ৰসাদ দাসে ।উল্লেখযোগ্য যে তথ্যচিত্ৰ খনত বীৰুবালা ৰাভাৰ জীৱন আৰু বীৰুবালা মিচনৰ সবিশেষ উন্মোচিত হৈছে ।

Leave A Reply

Your email address will not be published.