বুনিয়াদী বিদ্যালয় মাতৃ এচ’চিয়েচন অসমৰ নতুনকৈ গঠিত সমিতিৰ কাৰ্য্যনিবাহক সভা অনুষ্ঠিত

0 131

বুনিয়াদী বিদ্যালয় মাতৃ এচ’চিয়েচন, অসমৰ নতুনকৈ গঠিত সমিতিৰ ১৮ খন জিলাৰ সভানেত্রী, সম্পাদিকা সহ সদস্যসকলৰ সৈতে শনিবাৰে এক কাৰ্য্যনিবাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত বৰ্তমানৰ নতুনকৈ নিৰ্বাচিত সভানেত্রী ৰোহিনী দেৱীয়ে এচ’চিয়েচনৰ পৰা অব্যাহতি দিয়া পূৰ্বৰ সভানেত্ৰী বিনু বৰুৱা, সম্পাদিকা ডিম্বেশ্বৰী লস্কৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰে। বুনিয়াদী বিদ্যালয় মাতৃ এচ’চিয়েচনৰ তৰফৰ আজি এক সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ সভানেত্রী ৰোহিণী দেৱীয়ে কয় যে, পূর্বৰ সভানেত্ৰী বিনু বৰুৱা আৰু সম্পাদিকা ডিম্বেশ্বৰী লস্কৰে স্বেচ্ছাচাৰীতাৰে সন্থাটি চলাই আহিছিল। তেওঁলোক দুয়োৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰি গুৱাহাটীত আহি বিলাসিতাৰে জীৱন যাপন কৰি আছে।”
সভানেত্রী গৰাকীয়ে আৰু প্ৰমাণ দাঙি ধৰি কয় যে, এচ’চিয়েচনৰ পৰা অব্যাহতি দিয়া প্ৰাক্তন সভানেত্ৰী বিনু বৰুৱা, সম্পাদিকা ডিম্বেশ্বৰী লস্কৰে মৰিগাঁও জিলাৰ পৰা ৮ লাখ টকা, ডিব্ৰুগড় জিলাৰ পৰা সংগ্ৰহ কৰে ১০ লক্ষাধিক টকা, ওদালগুৰি জিলাৰ পৰা প্ৰায় ৫ লাখ টকা সংগ্ৰহ কৰি মাতৃ নিযুক্তিৰ নামত প্ৰমাণ পত্ৰ দি লুণ্ঠনৰাজ চলাই আহিছিল। সেয়েহে, তেওঁলোক দুয়োকে এচ’চিয়েচনৰ পৰা অব্যাহতি দিয়া হৈছে আৰু আজি এই নতুনকৈ গঠিত সমিতিৰ কাৰ্য্যনিবাহক সভা অনুষ্ঠিত কৰা হৈছে।

Leave A Reply

Your email address will not be published.