জীৱনৰ বিয়লি বেলাত এজন ব্যক্তিয়ে শিশুৰ দৰে আচৰণ কৰে।বাৰ্দ্ধক্য জনিত কাৰণত নানা অসুখৰ ভোগে।একক পৰিয়াল আৰু ব্যস্ততা আদিৰ বাবে বহু সময়ত সন্তানে বৃদ্ধ পিতৃ মাতৃক সময় দিব নোৱাৰা হয়।তাৰ আলমতে মহানগৰীত আৰম্ভ হৈছে লাইফ চাৰ্কোল সেৱা।মাৰ্গ দশৰ্ক প্ৰকল্পৰ অধীনত এই সেৱা আৰম্ভ হৈছে।কালি গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা সদৰী কৰে নিতিন আহুজাই।ইয়াৰ জৰিয়তে নাৰ্চ, চোৱা চিতাকাৰী ফিজিঅ’থেৰাপিষ্ট,আই চি ইউ সুবিধা লাভ কৰিব।দৈনিক প্ৰায় ৫০০ টকা ব্যয় সাপেক্ষে এই সুবিধা লাভ কৰিব ।সবিশেষ জানিবলৈ [email protected] যোগাযোগ কৰিব পাৰে।সংবাদ মেল খনত প্ৰতিষ্ঠানটোৰ সমূহ বিষয় ববীয়া উপস্থিত থাকে।