দক্ষিণ কামৰূপৰ ৰামপুৰ গাঁৱৰ জ্যেষ্ঠ নাগৰিক, বৈদিক সংস্কৃতিৰ অন্যতম নিষ্ঠাবান উপাসক উমাকান্ত শৰ্মাৰ ৮০ সংখ্যক ওপজা দিনটো যোৱা ১৪ এপ্ৰিলত উদযাপন কৰা হয়। এগৰাকী বৈদিক পুৰোহিত হিচাপে লোকসমাজত বিশেষভাৱে পৰিচিত উমাকান্ত শৰ্মাৰ পৰিয়ালে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি “সংস্কৃত-প্ৰাণ” ৰমেশ চন্দ্ৰ শৰ্মাই উমাকান্ত শৰ্মাক এজন কৰ্মযোগী পুৰুষ হিচাপে অভিহিত কৰে। বিশেষকৈ সনাতনীয় চিন্তন দৰ্শন আৰু কৰ্মৰাজী সততাৰে ৰক্ষাৰ প্ৰতি উমাকান্ত শৰ্মাদেৱে দেখুৱাই অহা গভীৰ আস্থা নতুন প্ৰজন্মৰ বাবে এক প্ৰেৰণাদায়ক আদৰ্শ হৈ ৰব বুলি কয় ৰমেশ চন্দ্ৰ শৰ্মাই। সভাখনত বক্তব্য ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ সেৱক তথা বৈঞ্চৱপ্ৰাণ ধীৰেন্দ্ৰ নাৰায়ণ ভূঞাই উমাকান্ত শৰ্মাক এজন আদৰ্শবান পিতৃ বুলি কোৱাৰ লগতে তেওঁ অঞ্চলবাসীৰ বাবে নমস্য হৈ থাকিব বুলি কয়। আনহাতে, বৰ্ষীয়ান ব্যক্তি উমাকান্ত শৰ্মাই আশী বছৰ বয়সতো এজন চফল ডেকাৰ দৰে দৈনন্দিন কাম-কাজ নিষ্ঠাৰে কৰি থকাটো অতুলনীয় দৃষ্টান্ত বুলি মন্তব্য কৰে উদীয়মান লেখক তথা ইংৰাজী বিষয়ৰ শিক্ষক প্ৰসেনজিৎ কলিতাই। শ্ৰীশ্ৰী খিদিৰপুখুৰী সত্ৰৰ ডেকা অধিকাৰ ৰঙ্গনানন্দ দেৱ গোস্বামীয়ে পূজনীয় উমাকান্ত শৰ্মাৰ পূজা-পাঠবোৰত সদায়ে এক ভক্তিভাৱ জাগ্ৰত হোৱাৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰে। বৈদিক সংস্কৃতিৰ নিৰলস সাধক-পুৰোধা ব্যক্তিগৰাকীৰ পুত্ৰ তথা সাংবাদিক বিমল শৰ্মাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ৰমেশ চন্দ্ৰ শৰ্মাই এটা লগুন আৰু চেলেং চাদৰ,মহাপুৰুষ গুৰুজনাৰ সেৱক ধীৰেন্দ্ৰ নাৰায়ণ ভূঞাই এখন ভমকাফুলীয়া গামোচা আৰু এখন গ্ৰন্থ, ৰমেন কলিতাই এখন ধুতি আৰু গামোচা, ধীৰেন মজুমদাৰে এটা পাঞ্জাৱী চোলা আৰু গামোচা,ৰবীন কলিতাই এটা গেঞ্জী আৰু গামোচা, ডেকা অধিকাৰ ৰঙ্গনানন্দ দেৱ গোস্বামীয়ে ধুতি-গামোচা-লগুনেৰে উমাকান্ত শৰ্মাক ওপজা দিনৰ শুভেচ্ছা আৰু সম্বৰ্ধনা জনায়। অনুষ্টপীয়াকৈ আয়োজিত সভাখনৰ পূৰ্বে উমাকান্ত শৰ্মাই গৃহ চৌহদত এজোপা নিমগছৰ পুলি ৰোপনেৰে ওপজাদিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰপিছত শৰ্মাৰ পৰিয়ালৰ পৰম্পৰাগত গুৰু মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেন মজুমদাৰে। অনুষ্ঠানত দক্ষিণ কামৰূপ শ্ৰীশ্ৰী মহাবিঞ্চু যজ্ঞ ধৰ্ম সংঘৰ প্ৰাক্তন সম্পাদক ৰমেন কলিতা, উদীয়মান সমাজহিতৈষী তাপস মেধি, সন্তদেৱ শৰ্মা, উমাকান্ত শৰ্মাৰ সহধৰ্মিনী লাৱন্য শৰ্মা,বোৱাৰী বৰ্ণালী গোস্বামী-মীনাক্ষী শৰ্মা উপস্থিত থাকে। তদুপৰি উমাকান্ত শৰ্মাদেৱৰ ওপজা দিনৰ কাৰ্যসূচীত উপস্থিত থকা অভ্যাগত অতিথি সকলক এখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই শৰ্মাদেৱৰ নাতিনীদ্বয় দেৱশ্ৰী শৰ্মা-জোনাশ্ৰী শৰ্মা আৰু নাতি সৌৰভ শৰ্মাই।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন