বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
অসম চৰকাৰৰ গুৱাহাটীস্থিত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়ৰ লগতে সহকাৰী নিয়ন্ত্ৰকৰ কাৰ্যালয়ৰ সমূহ বিষয়া কৰ্মচাৰীৰ দ্বাৰা বিভিন্ন কাৰ্যসূচীৰে অলপতে সপ্তাহযোৰা প্ৰচাৰ- সচেতনতামূলক কাৰ্যসূচীৰে সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহ পালন কৰা হয়। কাৰ্যসূচীৰ প্ৰথম দিনটোত অসম চৰকাৰৰ খাদ্য, গ্রাহক পৰিক্ৰমা, বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাসে পতাকা জোকাৰি প্ৰচাৰ সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ উপৰিও গুৱাহাটীস্থিত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়ৰ উপ নিয়ন্ত্ৰক বাবেন দাস, সহকাৰী নিয়ন্ত্ৰক ইন্দ্ৰজিৎ বায়ন আৰু প্ৰদীপ বেজবৰুৱা , প্ৰচাৰ বিষয়া ৰাখী চক্ৰৱৰ্তীৰ নেতৃত্বত সমূহ কৰ্মচাৰীৰ সহযোগত গুৱাহাটী মহানগৰীৰ জালুকবাৰী, উলুবাৰী, চাংসাৰি, বেলতলা, গণেশগুৰি আদি ঠাইৰ দৈনিক বজাৰ, দোকান-পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, পেট্র’ল পাম্প, বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ মাজত বেনাৰ-পোষ্টাৰৰ জৰিয়তে প্ৰচাৰ চলোৱা হয়। এইক্ষেত্রত উপ- নিয়ন্ত্রক বাবেন দাস, সহকাৰী নিয়ন্ত্রক ইন্দ্রজিৎ বায়ন, প্রদীপ বেজবৰুৱা, প্ৰচাৰ বিষয়া ৰাখী চক্ৰৱৰ্তীয়ে গ্ৰাহকসকৰ সচেতনতা আৰু সুৰক্ষাৰ উদ্দেশ্যে বিভিন্ন প্রতিযোগিতামূলক কথা অৱগত কৰে। বিশেষকৈ ব্যৱসায়ীসকলে তর্জুখন ব্যৱহাৰ কৰোতে ওলমাই লৈছে নে নাই তাক চাব লাগে। গাখীৰ বা কেৰাচিন কিনোতে ফেন মাৰিহে কিনিব লাগে। সোণ-ৰূপ গ্রাম, মিলিগ্ৰাম মতহে ক্ৰয় কৰিব লাগে। চিমেন্ট, ৰন্ধন গেছ ক্রয় কৰোতে ব্যৱসায়ীজনৰ পৰা ওজন জুখি লোৱাটো বাধ্যতামূলক। টিনপাত সদায় ওজন কৰিহে কিনিব লাগে। খোৱা বস্তু বা মিঠাই আদি কিনোতে বাকচ বা ঠোঙাৰ ওজন বাদ দিহে সামগ্রী ক্ৰয় কৰা উচিত। পেকেট জাতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰস্তুতকৰ্তাৰ নাম, ওজন, সম্পূর্ণ ঠিকনা, পৰিমাণ, সামগ্ৰীৰ নাম, সামগ্ৰীৰ বিক্ৰীৰ মূল্য, প্রস্তুতৰ তাৰিখ, মাহ, বছৰ, ই-মেইল উল্লেখ থাকিলেহে বস্তু ক্ৰয় কৰিব লাগে। জোখ-মাখত কিবা অভিযোগ থাকিলে আয়ুক্ত, বৈধ পৰিমাণ বিজ্ঞান বিভাগ, অসম, উলুবাৰী, গুৱাহাটী- ৭ নাইবা সংশ্লিষ্ট জিলা সদৰত থকা পৰিদৰ্শকৰ কাৰ্যালয় বা সহকাৰী নিয়ন্ত্ৰকৰ কাৰ্যালয়ত লিখিতভাৱে অভিযোগ দিব পাৰে। উল্লেখ্য যে প্রত্যেকজন মানুহেই কোনোবা নহয় কোনোবা ক্ষেত্রত একো একোজন গ্রাহক, সেয়েহে গ্ৰাহকৰ সুৰক্ষাই গ্রাহকৰ ভৱিষ্যৎ।