নিৰ্বাচনৰ মহা ঢৌ এতিয়া শাম কাটিছে । লকডাউনৰ আশংকাত এতিয়া ৰাজ্য বাসী । তাৰ মাজতে চেনেহৰ ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্য বাসীয়ে প্ৰস্তুতি চলাইছে। ঢোল ,পেঁপাৰ মাতত এতিয়া চৌদিশ মুখৰিত ।বিহুৱা, বিহুৱতী সকল ব্যস্ত আখৰাত ।গাঁৱৰ জীয়াৰী, বোৱাৰী সকল ব্যস্ত গামোচা বোৱাত আপোনজনক প্ৰদান কৰিবৰ বাবে ।ইয়াৰ মাজতে টীয়ক বলমা লাহন গাঁৱৰ বিশ্বজিৎ লাহন নামৰ এজন যুৱকৰ কৰ্মই মোহিছে সকলোকে।তাঁতশালত ব্যস্ত বিশ্বজিতে কামৰ সৰু-বৰ নাই বুলি অনুধাৱন কৰি বহি: ৰাজ্যৰ আমদানিকৃত গামোচাৰ পয়োভৰ ৰোধৰ বাবে সকলোৱে এনে প্ৰয়াস অব্যাহত ৰখাৰ আহ্বান জনায়।লগতে সততে সামাজিক মাধ্যমত তথা ৰাজপথত জাতীয়তাবাদৰ পৰিচয় দিব খোজাসকলক হাতে কামে লাগি প্ৰকৃত জাতীয়বাদ প্ৰতিষ্ঠাৰ বাবে এনেদৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় লগতে এই মানসিকতাই গ্ৰাম্য অৰ্থনীতিকো তৰাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।উল্লেখযোগ্য যে বিশ্বজিতৰ এয়া প্ৰথম প্ৰচেষ্টা সেয়ে এইবাৰ উৎপাদিত গামোচা বিক্ৰী নকৰি গাঁৱৰ হুঁচৰিত পৰম্পৰা ৰক্ষা কৰি বস্ত্ৰ দান কৰিব বুলি তেওঁ মন্তব্য কৰিছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ