ব্যতিক্ৰমী প্ৰতিছবিৰ পম খেদি

0 237

WhatsApp Image 2017-11-22 at 7.57.54 PM

কামৰ কোনো সৰু বৰ নাই। মনত যদি সাহ থাকে, দৃঢ়তা থাকে যিকোনো কামকে অনায়াসে কৰিব পৰা যায়। এই কথাকে প্ৰমাণ কৰি দেখুৱালে বোকাখাত ৰজাবাৰীৰ মামনি দাসে। বয়স ডেৰ কুৰি গৰকিলেও চলাইছে জীৱন সংগ্ৰামৰ এখন ব্যক্তিক্ৰম যুঁজ। যিখন যুঁজৰ বাবে সাহ থকা মানুহৰ সংখ্যা অতি নগণ্য। সেয়েহে মামনি দাসৰ কৰ্মই আজি বিশেষভাৱে চৰ্চা লাভ কৰিছে।

WhatsApp Image 2017-11-22 at 7.56.57 PM

কথাতে কয় জীৱন মানেই সংগ্ৰাম। জীৱন সংগ্ৰামত জয়ী হোৱাজনে আজিৰ তাৰিখত প্ৰকৃত মানুহ। কথাষাৰ মই কোৱা নাই। এই মন্তব্য মামনি দাসৰ। প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে মামনি দাসে ৰিক্সা চলাই, চানা বিক্ৰী কৰি পৰিয়ালটো চলায় আহিছে। তেখেতৰ ব্যৱসায়ৰ টকাৰে কন্যাক বিয়া দিয়াৰ উপৰিও কনিষ্ঠ কন্যাৰ পঢ়াৰ লগতে খেলৰ বাবে সুবিধা কৰি দিছে। এনে পন্থা কিয় বাছি ল’লে জানিব বিচৰাত এনেদৰে কয়.. ঋণৰ বোজা পৰিশোধৰ অন্য উপায় হিচাপে এই পেচাটোকে বাচি লওঁ। বৰ্তমানেও বহুতো ঋণ পৰিশোধ কৰিবলৈ আছে। সেয়েহে পিছলৈ ঘুৰি চোৱা নাই।

মামণি দাসৰ অকথিত কাহিনী যিয়েই নহওক কিয় এগৰাকী মহিলাই কৰা এনে কামৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ।

WhatsApp Image 2017-11-22 at 5.37.11 PM

আধুনিক তথ্য প্ৰযুক্তি বিদ্যাৰ লগত খোজ মিলাব পৰাকৈ আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে “ইনভেচন’লেৱ ছামিট”। খানাপাৰাৰ ষ্টাফ কলেজত অনুষ্ঠিত হোৱা সন্মিলনখনত উপস্থিত থাকি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰত্যেক দেশৰে ধাৰণা আৰু বিজ্ঞান প্ৰযুক্তিৰ নিত্য নতুন কৌশল বিনিময়ৰ মাধ্যমেৰে দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত সুপ্ৰয়োগ কৰা হ’ব বুলি অৱগত কৰে। সন্মিলনখনত দেশৰ বিশেষজ্ঞসকলে অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.